লক্ষ্ণৌ, ২৮ নৱেম্বৰ: কনিষ্ঠ শিক্ষাৰ্থীক ৰেগিং কৰাৰ অভিযোগত লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্ছিটী (কেজিএমইউ) কৰ্তৃপক্ষই ৩৮গৰাকী এমবিবিএছ শিক্ষাৰ্থীক তিনি মাহৰ বাবে নিলম্বন কৰিছে। নিলম্বিত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ ওপৰত ২৫ হাজাৰ টকাকৈ জৰিমনা বিহাৰ লগতে এবছৰৰ বাবে তেওঁলোকৰ বৃত্তিও বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, নিলম্বিত শিক্ষাৰ্থীসকলৰ ভিতৰত ৩৬গৰাকী ২০২৫ বৰ্ষৰ এমবিবিএছ বেটচৰ আৰু দুগৰাকী ২০২৬ বৰ্ষৰ বেটচৰ। নিলম্বনৰ সময়ছোৱাত এই শিক্ষাৰ্থীসকলে শ্ৰেণীত উপস্থিত থাকিব নোৱাৰিব আৰু হোষ্টেলত থকাৰ পৰাও তেওঁলোকক নিষেধ কৰা হৈছে।

১৬ নৱেম্বৰত সামাজিক মাধ্যমত বিশ্ববিদ্যালয়খনৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল। ভিডিঅ’টোত কনিষ্ঠ এমবিবিএছ শিক্ষাৰ্থীসকলে শাৰী পাতি জ্যেষ্ঠ শিক্ষাৰ্থীসকলক ‘প্ৰণাম মহোদয়’ আৰু ‘প্ৰণাম মেডাম’ বুলি সম্ভাষণ জনোৱা দেখা গৈছিল। ইয়াৰ পাছতে জ্যেষ্ঠ শিক্ষাৰ্থীয়ে নিশাৰ ভাগত কনিষ্ঠসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হয় আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰে।

তদন্তত প্ৰকাশ পোৱা অনুসৰি, জ্যেষ্ঠ শিক্ষাৰ্থীসকলে নিশা ১২ বজাৰ পৰা পুৱা ২ বজাৰ ভিতৰত ভিডিঅ’ কল কৰি কনিষ্ঠসকলক টোপনিৰ পৰা জগাই তুলিছিল আৰু গানৰ তালে তালে নৃত্য কৰিবলৈ বাধ্য কৰাইছিল। এই নিৰ্দেশ অমান্য কৰিলে কনিষ্ঠ শিক্ষাৰ্থীসকলক গালি-গালাজ আৰু অপমানজনক ব্যৱহাৰ কৰা হৈছিল। তদুপৰি দুগৰাকী কনিষ্ঠ শিক্ষাৰ্থীয়েও এই কাৰ্যত জ্যেষ্ঠসকলক সহায় কৰাৰ অভিযোগ প্ৰমাণিত হয়।

বিশ্ববিদ্যালয়ৰ এণ্টি-ৰেগিং সমিতিয়ে ১৯ নৱেম্বৰত অনুষ্ঠিত বৈঠকত এই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়। উপাচাৰ্যৰ অনুমোদনৰ পাছত ২৬ নৱেম্বৰত এই নিৰ্দেশ আনুষ্ঠানিকভাৱে জাৰি কৰা হয়।

কেজিএমইউৰ মুখপাত্ৰ ডাঃ কে কে সিঙে এই ব্যৱস্থাৰ বিষয়ে নিশ্চিত কৰি জনায় যে কনিষ্ঠ শিক্ষাৰ্থীক ভয় দেখুওৱা বা অপমান কৰা কাৰ্য কেতিয়াও সহ্য কৰা নহ’ব। ৰেগিঙৰ বলি হ’লে শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয় প্ৰশাসন অথবা এণ্টি-ৰেগিং সমিতিক তৎক্ষণাত অভিযোগ দাখিল কৰিবলৈ তেওঁ আহ্বান জনায়।

ইয়াৰ পূৰ্বে য়ুনাইটেড ডক্টৰ্ছ ফ্ৰণ্টে উক্ত ভাইৰেল ভিডিঅ’টোৰ ভিত্তিত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)ৰ ওচৰত অভিযোগ দাখিল কৰিছিল। তাৰ পাছতে এনএমচিয়ে বিষয়টোত হস্তক্ষেপ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা প্ৰতিবেদন তলব কৰিছিল।