কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি বিৰোধী দলসমূহক দুৰ্বল কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক আনিছে বুলি অভিযোগ সাংসদ গৌৰৱ গগৈৰ।
নতুন দিল্লী, ২৮ নৱেম্বৰ: বিৰোধী ৰাজনৈতিক দলসমূহক দুৰ্বল কৰাৰ পাছত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে পুনৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক অনাৰ প্ৰস্তুতি চলাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে…
উল্লেখ্য যে, ৩০ নৱেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হ'ব।
ইয়াৰ পূৰ্বে এপ্ৰিল মাহত উত্থাপন কৰা বিধেয়কখনে লোকসভাত প্ৰয়োজনীয় দুই-তৃতীয়াংশ সমৰ্থন লাভ কৰাত ব্যৰ্থ হৈছিল।
প্ৰস্তাৱিত বিধেয়কখন সন্দৰ্ভত সামাজিক মাধ্যমযোগে তেওঁ কয় যে নিৰ্বাচন আয়োগৰ সহায়ত দলসমূহক বিভক্ত কৰা হৈছে আৰু আন দলবোৰক ইডিৰ তদন্তৰ ভাবুকি প্ৰদান কৰা হৈছে।
newznow.in