নতুন দিল্লী, ২৮ নৱেম্বৰ: বিৰোধী ৰাজনৈতিক দলসমূহক দুৰ্বল কৰাৰ পাছত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে পুনৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক অনাৰ প্ৰস্তুতি চলাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈয়ে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি সাংসদগৰাকীয়ে অভিযোগ কৰে যে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰি বিৰোধী দলসমূহক বিভক্ত আৰু দুৰ্বল কৰা হৈছে। প্ৰস্তাৱিত বিধেয়কখন সন্দৰ্ভত সামাজিক মাধ্যমযোগে তেওঁ কয় যে নিৰ্বাচন আয়োগৰ সহায়ত দলসমূহক বিভক্ত কৰা হৈছে আৰু আন দলবোৰক ইডিৰ তদন্তৰ ভাবুকি প্ৰদান কৰা হৈছে। প্ৰতিষ্ঠানসমূহৰ আপোচকামী ভূমিকা আৰু ন্যায় ব্যৱস্থাৰ নিষ্ক্ৰিয়তাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে, ৩০ নৱেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হ'ব। এই অধিৱেশনতে মহিলা সংৰক্ষণ আৰু লোকসভা তথা ৰাজ্যিক বিধানসভাৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। প্ৰস্তাৱ অনুসৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে, যাৰ ফলত লোকসভাৰ সৰ্বাধিক আসন ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধি পাব পাৰে। বিধেয়কখনত ২০১১ চনৰ লোকপিয়লৰ তথ্য ব্যৱহাৰৰ প্ৰস্তাৱ থকাৰ লগতে ২০৫১ চনলৈকে ৰাজ্যসমূহৰ মাজত প্ৰতিনিধিত্বৰ বৰ্তমানৰ অনুপাত অক্ষুণ্ণ ৰখাৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ বাবে এখন সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগ গঠন আৰু মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰাটোও বিধেয়কখনৰ অন্যতম উদ্দেশ্য।

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত উত্থাপন কৰা বিধেয়কখনে লোকসভাত প্ৰয়োজনীয় দুই-তৃতীয়াংশ সমৰ্থন লাভ কৰাত ব্যৰ্থ হৈছিল। কংগ্ৰেছসহ বিৰোধী দলসমূহে প্ৰস্তাৱিত বিধেয়কখনৰ বিভিন্ন দিশক লৈ আপত্তি প্ৰকাশ কৰিছে। সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ বৰ্তমানৰ আসনৰ ভিতৰতে মহিলাৰ সংৰক্ষণ কাৰ্যকৰী কৰাৰ যুক্তি আগবঢ়াইছে। বিশেষ অধিৱেশনৰ পূৰ্বে উমৈহতীয়া স্থিতি নিৰ্ধাৰণৰ বাবে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিৰোধী নেতাসকলৰ এখন বৈঠক আহ্বান কৰে।