ঘনকান্ত গগৈৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যুৰ পাছতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্তসকলকো এনকাউণ্টাৰ কৰাৰ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চই।
শিৱসাগৰত ঘনকান্ত গগৈৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যুৰ ঘটনাৰ পাছতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈও এক দাবী উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই।
৪ নৱেম্বৰৰ পুৱতি নিশা শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত ফুলপানীচিগাত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় ঘনকান্ত গগৈ।
এই ঘটনাৰ পাছতে অসমীয়া যুৱ মঞ্চই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধেও একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
জুবিন গাৰ্গক ‘অসমবাসীৰ হিয়াৰ আমঠু’ - সংগঠনটোৱে কয় যে তেওঁৰ মৃত্যুৰ ঘটনাৰ ন্যায় নিশ্চিত হ’ব লাগিব।
newznow.in