গুৱাহাটী, ৪ নৱেম্বৰ, ২০২৬:

শিৱসাগৰত ঘনকান্ত গগৈৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যুৰ ঘটনাৰ পাছতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈও এক দাবী উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই। ঘনকান্ত গগৈৰ লগতে আন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে এনকাউণ্টাৰৰ দৰে ব্যৱস্থা গ্ৰহণ কৰাৰ উদাহৰণ দি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তসকলকো এনকাউণ্টাৰ কৰাৰ আহ্বান জনাইছে সংগঠনটোৱে।

৪ নৱেম্বৰৰ পুৱতি নিশা শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত ফুলপানীচিগাত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় ঘনকান্ত গগৈ। আৰক্ষীয়ে জনোৱা মতে, আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ লগতে আৰক্ষী বিষয়াৰ পিষ্টল কাঢ়ি গুলীচালনা কৰিছিল অভিযুক্তজনে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাত আহত হোৱা ঘনকান্তৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।

এই ঘটনাৰ পাছতে অসমীয়া যুৱ মঞ্চই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধেও একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সংগঠনটোৰ আহ্বান, ঘনকান্ত গগৈৰ ক্ষেত্ৰত আৰক্ষীয়ে যিদৰে এনকাউণ্টাৰৰ ব্যৱস্থা গ্ৰহণ কৰিলে, সেইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্তসকলৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰা হওক।

‘হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় লাগে’

জুবিন গাৰ্গক ‘অসমবাসীৰ হিয়াৰ আমঠু’ - সংগঠনটোৱে কয় যে তেওঁৰ মৃত্যুৰ ঘটনাৰ ন্যায় নিশ্চিত হ’ব লাগিব। জুবিনৰ মৃত্যুৰ ঘটনাত জড়িত বুলি অভিযোগ উত্থাপিত হোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসমীয়া যুৱ মঞ্চই।