বিটিচি চৰকাৰৰ শিক্ষা বিভাগ আৰু নৰ্থ-ইষ্ট পাব্লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গিল্ডৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলাখন।
অহা ১ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈকে মুঠ ৯ দিনীয়া কাৰ্যসূচীৰে বিটিচিৰ সদৰ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা।
১ ডিচেম্বৰৰ বিয়লি ৩ বজাত গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
ইয়াৰ উপৰি বিটিচিৰ মন্ত্ৰী-বিধায়ক, কাৰ্যবাহী সদস্য, বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বিভিন্ন সাহিত্য-সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব।
newznow.in