বিটিচি চৰকাৰৰ শিক্ষা বিভাগ আৰু নৰ্থ-ইষ্ট পাব্লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গিল্ডৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলাখন। অহা ১ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈকে মুঠ ৯ দিনীয়া কাৰ্যসূচীৰে বিটিচিৰ সদৰ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা। ১ ডিচেম্বৰৰ বিয়লি ৩ বজাত গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। ইয়াৰ উপৰি বিটিচিৰ মন্ত্ৰী-বিধায়ক, কাৰ্যবাহী সদস্য, বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বিভিন্ন সাহিত্য-সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। গ্ৰন্থমেলাৰ কেইবাদিনীয়া কাৰ্যসূচীত উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য, ভাষা, সংস্কৃতি আৰু বৌদ্ধিক চৰ্চাক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ৩ ডিচেম্বৰত উদীয়মান প্ৰযুক্তি আৰু শিক্ষা, অৰ্থনীতি তথা বহনক্ষম জীৱিকাৰ ওপৰত আলোচনা অনুষ্ঠিত হ’ব। ৪ ডিচেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য আৰু অনুবাদ বিষয়ক আলোচনা, ৫ ডিচেম্বৰত বিটিচিৰ সফল নাৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে নাৰী সৱলীকৰণৰ ওপৰত বিশেষ আলোচনা অনুষ্ঠিত হ’ব। ৬ ডিচেম্বৰত শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা আৰু আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আনহাতে, ৭ ডিচেম্বৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ভাৰতৰ বিকশিত যাত্ৰা, থলুৱা জ্ঞান ব্যৱস্থা আৰু অৰ্থনৈতিক পৰিৱৰ্তন সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। ৮ ডিচেম্বৰত বড়ো ভাষা, সাহিত্য আৰু ডিজিটেল যুগত ভাষা-প্ৰযুক্তিৰ ভৱিষ্যৎ সম্পৰ্কে বিশেষ আলোচনা অনুষ্ঠিত হ’ব। প্ৰতিদিনে বিয়লি ৫ বজাৰ পৰা নিশা ৮ বজালৈ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত একাংকিকা নাট, দলীয় নৃত্য, সাধু কোৱা, মিমিক্ৰী, একক নৃত্য আৰু সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব। ৯ ডিচেম্বৰত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত অসমৰ পৰিবহণ আৰু কল্যাণ বিভাগৰ মন্ত্ৰী চৰণ বড়ো মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিয়লি ৪ বজাৰ পৰা বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। উল্লেখ্য যে, গ্ৰন্থমেলাখনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য, জ্ঞান, ভাষা আৰু বৌদ্ধিক ঐতিহ্যক এক উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ লগতে কোকৰাঝাৰত এক সুস্থ পঠন সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্য গ্ৰহণ কৰিছে আয়োজক সমিতিয়ে।
কোকৰাঝাৰত ১ ডিচেম্বৰৰ পৰা উত্তৰ-পূব ৰাষ্ট্ৰীয় গ্ৰন্থমেলা, বডোলেণ্ড-২০২৬
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
এই খবৰটো আন ভাষাত: English · हिन्दी · বাংলা
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)ভুল দেখিছে? আমাক জনাওক।