মিজোৰামৰ দুই নাবালিকা আৰু এগৰাকী যুৱতীক সৰবৰাহৰ অভিযোগত এজন যুৱক আটক, ঘটনাক কেন্দ্ৰ কৰি নতুনকৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, ধৃত যুৱকজনে ৰে'লযোগে মিজোৰামৰ দুই নাবালিকা আৰু এগৰাকী যুৱতীক বহিঃৰাজ্যলৈ লৈ যোৱাৰ চেষ্টা চলাইছিল।
বদৰপুৰ ৰে'ল ষ্টেচনৰ দৰে গুৰুত্বপূৰ্ণ ৰে'ল সংযোগস্থলত এনেদৰে নাবালিকা সৰবৰাহৰ অভিযোগ উত্থাপন হোৱা ঘটনাই পুনৰবাৰ মহিলা আৰু শিশু সৰবৰাহৰ ভয়ংকৰ দিশটো উন্মোচিত কৰিছে।
বদৰপুৰ ৰে'ল ষ্টেচনত মহিলা সৰবৰাহৰ অভিযোগত এক বৃহৎ চক্ৰৰ পৰিকল্পনা বিফল কৰিলে আৰক্ষীয়ে।
শুকুৰবাৰে নিশা বদৰপুৰ ৰে'ল ষ্টেচনত ৰে'লৱে সুৰক্ষা বাহিনী (RPF) আৰু Government Railway Police (GRP)-ৰ যৌথ অভিযানত উদ্ধাৰ কৰা হয় মিজোৰামৰ দুইগৰাকী নাবালিকা আৰু এগৰাকী যুৱতীক।
newznow.in