মিজোৰামৰ দুই নাবালিকা আৰু এগৰাকী যুৱতীক সৰবৰাহৰ অভিযোগত এজন যুৱক আটক, ঘটনাক কেন্দ্ৰ কৰি নতুনকৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন।
বদৰপুৰ ৰে'ল ষ্টেচনত মহিলা সৰবৰাহৰ অভিযোগত এক বৃহৎ চক্ৰৰ পৰিকল্পনা বিফল কৰিলে আৰক্ষীয়ে। শুকুৰবাৰে নিশা বদৰপুৰ ৰে'ল ষ্টেচনত ৰে'লৱে সুৰক্ষা বাহিনী (RPF) আৰু Government Railway Police (GRP)-ৰ যৌথ অভিযানত উদ্ধাৰ কৰা হয় মিজোৰামৰ দুইগৰাকী নাবালিকা আৰু এগৰাকী যুৱতীক। এই ঘটনাত ত্ৰিপুৰাৰ Teron Sing Reang নামৰ এজন যুৱকক আটক কৰে আৰক্ষীয়ে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, ধৃত যুৱকজনে ৰে'লযোগে মিজোৰামৰ দুই নাবালিকা আৰু এগৰাকী যুৱতীক বহিঃৰাজ্যলৈ লৈ যোৱাৰ চেষ্টা চলাইছিল। সেই সময়তে তেওঁৰ সন্দেহজনক গতিবিধি প্ৰত্যক্ষ কৰি RPF আৰু GRP-ৰ যৌথ দলে তেওঁক আটক কৰে।
পৰৱৰ্তী সময়ত নথি-পত্ৰ পৰীক্ষা কৰোঁতে কেইবাটাও বিসংগতি পোহৰলৈ আহে। ইয়াৰ পিছতে উদ্ধাৰ হোৱা দুই নাবালিকাক পৃথকে পৃথকে সোধা-পোছা কৰাত ঘটনাটোৰ আঁৰৰ কিছু তথ্য পোহৰলৈ আহে। ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকৰ উপস্থিতিতে উদ্ধাৰ হোৱা নাবালিকাসকলক সোধা-পোছা কৰা হয়।
নাবালিকাসকলৰ ভাষ্য অনুসৰি, তেওঁলোকক স্পা চেণ্টাৰত কাম দিয়াৰ কথা কৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল। এই তথ্য পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ঘটনাক লৈ সন্দেহ অধিক ঘনীভূত হৈছে।

বদৰপুৰ ৰে'ল ষ্টেচনৰ দৰে গুৰুত্বপূৰ্ণ ৰে'ল সংযোগস্থলত এনেদৰে নাবালিকা সৰবৰাহৰ অভিযোগ উত্থাপন হোৱা ঘটনাই পুনৰবাৰ মহিলা আৰু শিশু সৰবৰাহৰ ভয়ংকৰ দিশটো উন্মোচিত কৰিছে। ঘটনাটোৰ আঁৰত কোনো বৃহৎ সৰবৰাহকাৰী চক্ৰ জড়িত আছে নেকি, তাক লৈও বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে।