দীৰ্ঘ বিৰতিৰ অন্তত চিৰাঙৰ আই নদীৰ পাৰত ১১ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ অনুষ্ঠিত হ'ব ডুইজিং উৎসৱ ২০২৬।
চিৰাং, ২৫ নৱেম্বৰ: দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত চিৰাং জিলাত পুনৰ অনুষ্ঠিত হ’বলৈ গৈ আছে ডুইজিং উৎসৱ।
আয়োজক সমিতিয়ে জনোৱা অনুসৰি, এইবাৰৰ ডুইজিং উৎসৱত দেশৰ কেইবাগৰাকীও বিশিষ্ট বলীউডৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব।
দেশ-বিদেশৰ পৰ্যটকৰ আগত বড়োলেণ্ডৰ চহকী লোক-সংস্কৃতি, পৰম্পৰা, লোকশিল্প আৰু সংগীত তুলি ধৰাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে।
উৎসৱস্থলীত থলুৱা খাদ্য সম্ভাৰৰ লগতে স্থানীয় শিপিনী আৰু শিল্পীসকলে তৈয়াৰ কৰা হস্তশিল্পৰ বিভিন্ন বিপণী থাকিব।
newznow.in