চিৰাং, ২৫ নৱেম্বৰ: দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত চিৰাং জিলাত পুনৰ অনুষ্ঠিত হ’বলৈ গৈ আছে ডুইজিং উৎসৱ। ২০২৬ বৰ্ষৰ এই বৰ্ণিল উৎসৱ অহা ১১ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ মুঠ ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। চিৰাং জিলাৰ আই নদীৰ পাৰত থকা হাগ্ৰামা সেতুৰ সমীপত এই উৎসৱৰ প্ৰস্তুতি চলোৱা হৈছে। ৩১ নং (চি) ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ চাপাগুৰিৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত এই উৎসৱস্থলী অৱস্থিত।
আয়োজক সমিতিয়ে জনোৱা অনুসৰি, এইবাৰৰ ডুইজিং উৎসৱত দেশৰ কেইবাগৰাকীও বিশিষ্ট বলীউডৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব। জনপ্ৰিয় কণ্ঠশিল্পী ছান, নেহা কক্কৰ আৰু ছলমান আলীয়ে উৎসৱৰ মঞ্চত গীত পৰিৱেশন কৰিব। ইয়াৰ উপৰি অভিনেতা মিঠুন চক্ৰৱৰ্তী, অভিনেত্ৰী তামান্না ভাটিয়া আৰু ট্ৰেপ বেণ্ডৰ উপস্থিতিয়ে অনুষ্ঠানটি অধিক আকৰ্ষণীয় কৰি তুলিব। ১৭ ডিচেম্বৰত অভিনেত্ৰী তামান্না ভাটিয়া উৎসৱত উপস্থিত থাকিব বুলি ইতিমধ্যে এটি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নিজেই প্ৰকাশ কৰিছে।
দেশ-বিদেশৰ পৰ্যটকৰ আগত বড়োলেণ্ডৰ চহকী লোক-সংস্কৃতি, পৰম্পৰা, লোকশিল্প আৰু সংগীত তুলি ধৰাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীত বড়ো লোকনৃত্য, পৰম্পৰাগত গীত-মাত আৰু স্থানীয় শিল্পীসকলৰ বিভিন্ন পৰিৱেশন সন্নিবিষ্ট থাকিব। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীসকলে বিভিন্ন জনগোষ্ঠীৰ জীৱনশৈলী, পৰম্পৰাগত সাজ-পোছাক আৰু হস্তশিল্পৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাব।
উৎসৱস্থলীত থলুৱা খাদ্য সম্ভাৰৰ লগতে স্থানীয় শিপিনী আৰু শিল্পীসকলে তৈয়াৰ কৰা হস্তশিল্পৰ বিভিন্ন বিপণী থাকিব। পৰ্যটকসকলে থলুৱা ব্যঞ্জনৰ সোৱাদ লোৱাৰ লগতে স্থানীয় কাৰিকৰসকলৰ পৰা পোনপটীয়াকৈ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। এই আয়োজনে স্থানীয় ব্যৱসায় আৰু পৰ্যটন খণ্ডক গতি প্ৰদান কৰাৰ লগতে থলুৱা উদ্যোগীসকলৰ বাবে এখন বহল বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
আই নদীৰ বিশাল বালিচৰ আৰু প্ৰাকৃতিক পৰিৱেশ এই উৎসৱৰ অন্যতম আকৰ্ষণ। পূৰ্বৰ বৰ্ষসমূহত নাও চলোৱাৰ ব্যৱস্থা, নদীকেন্দ্ৰিক ক্ৰীড়া আৰু বিভিন্ন দুঃসাহসিক কাৰ্যসূচী ৰখা হৈছিল। এইবাৰো নদীৰ পাৰৰ পৰিৱেশ উপভোগ কৰাৰ লগতে তেনে পৰ্যটনমূলক কাৰ্যকলাপৰ সুবিধা থাকিব বুলি ধাৰণা কৰা হৈছে। অৱশ্যে উৎসৱৰ সম্পূৰ্ণ কাৰ্যসূচী আয়োজক সমিতিয়ে চূড়ান্ত ঘোষণা কৰাৰ পিছতহে স্পষ্ট হ'ব।