অসম

কোকৰাঝাৰত একেলগে চাৰিটা সন্তান জন্ম দিলে এগৰাকী মহিলাই

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

কোকৰাঝাৰ জিলাৰ শলমাৰি গাঁৱত এগৰাকী মহিলাই নিশা একেলগে চাৰিটা সন্তান প্ৰসৱ কৰে।

২ / ৫

কোকৰাঝাৰ জিলাৰ ৰয়নাডাব্ৰি অঞ্চলৰ শলমাৰি গাঁৱত এগৰাকী মহিলাই একেলগে চাৰিটা সন্তান জন্ম দিয়াৰ ঘটনাই অঞ্চলটোত চৰ্চা লাভ কৰিছে।

৩ / ৫

জিলা স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা মতে, শলমাৰি মালিগাঁৱৰ বাসিন্দা চমেৰ আলীৰ পত্নী চাইনা খাতুনে এই চাৰিটা সন্তান জন্ম দিয়ে।

৪ / ৫

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, চিকিৎসা বিজ্ঞানৰ দৃষ্টিৰে এই গৰ্ভধাৰণক অতি বিপদাশংকাযুক্ত হিচাপে চিহ্নিত কৰা হৈছিল।

৫ / ৫

স্বাস্থ্য বিভাগে জনোৱা মতে, ১০৮ জৰুৰীকালীন এম্বুলেন্স সেৱা, সংশ্লিষ্ট স্বাস্থ্যকৰ্মীসকলৰ মাজত উপযুক্ত সমন্বয় আৰু সময়মতে তদাৰকীৰ ফলত এই জটিল প্ৰসৱ সফলতাৰে সম্পন্ন কৰাটো সম্ভৱ হয়।

কোকৰাঝাৰত একেলগে চাৰিটা সন্তান জন্ম দিলে এগৰাকী মহিলাই

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক