কোকৰাঝাৰ জিলাৰ ৰয়নাডাব্ৰি অঞ্চলৰ শলমাৰি গাঁৱত এগৰাকী মহিলাই একেলগে চাৰিটা সন্তান জন্ম দিয়াৰ ঘটনাই অঞ্চলটোত চৰ্চা লাভ কৰিছে। সফল প্ৰসৱৰ পাছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাতৃ আৰু চাৰিওটি নৱজাতকক অধিক পৰীক্ষা-নিৰীক্ষা আৰু উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।
জিলা স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা মতে, শলমাৰি মালিগাঁৱৰ বাসিন্দা চমেৰ আলীৰ পত্নী চাইনা খাতুনে এই চাৰিটা সন্তান জন্ম দিয়ে। তেওঁ বালাজান খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অধীনৰ ৱাবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বামুনগাঁও উপ-স্বাস্থ্য কেন্দ্ৰৰ সেৱাৰ আওতাত আছিল। আশাকৰ্মী ছহিমা বেগমৰ প্ৰত্যক্ষ তত্ত্বাৱধানত প্ৰসৱ সম্পন্ন হয়।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, চিকিৎসা বিজ্ঞানৰ দৃষ্টিৰে এই গৰ্ভধাৰণক অতি বিপদাশংকাযুক্ত হিচাপে চিহ্নিত কৰা হৈছিল। সেয়েহে প্ৰসৱৰ সময়ত যাতে কোনো জটিল পৰিস্থিতিৰ সৃষ্টি নহয় আৰু প্ৰয়োজন অনুসৰি তাৎক্ষণিক চিকিৎসা সাহায্য আগবঢ়াব পৰা যায়, তাৰ বাবে জিলা স্বাস্থ্য বিভাগে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছিল।
স্বাস্থ্য বিভাগে জনোৱা মতে, ১০৮ জৰুৰীকালীন এম্বুলেন্স সেৱা, সংশ্লিষ্ট স্বাস্থ্যকৰ্মীসকলৰ মাজত উপযুক্ত সমন্বয় আৰু সময়মতে তদাৰকীৰ ফলত এই জটিল প্ৰসৱ সফলতাৰে সম্পন্ন কৰাটো সম্ভৱ হয়। প্ৰসৱৰ পাছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাতৃ আৰু চাৰিওটি নৱজাতকক উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ নিয়া হয়।
সম্প্ৰতি মাতৃগৰাকীৰ লগতে চাৰিওটি নৱজাতক সুস্থ অৱস্থাত থকা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই জানিবলৈ দিছে। অধিক পৰীক্ষা-নিৰীক্ষাৰ পাছত তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।