ড০ ভূপেন হাজৰিকাৰ আদৰ্শ বাস্তৱত ৰূপায়ণ কৰিবলৈ চৰকাৰক আহ্বান জনালে বিধায়ক অখিল গগৈয়ে।
গুৱাহাটী, ১ ডিচেম্বৰ: ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান নতুন দিল্লীত আয়োজন কৰাৰ বাবে অসম চৰকাৰক আদৰণি জনায় শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
এক বিবৃতিত অখিল গগৈয়ে কয় যে ড০ ভূপেন হাজৰিকাই জীৱনজোৰা সংগীত সাধনাৰ মাজেৰে প্ৰেম, সমন্বয় আৰু সম-অধিকাৰৰ যি বাৰ্তা দি গৈছে, সেই আদৰ্শ অনুসৰণ কৰাটোৱেই তেওঁৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব।
বিধায়কগৰাকীয়ে অসমৰ সৰ্বহাৰা আৰু খেতিয়কৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰক দাবী জনায়।
ভূপেন হাজৰিকাৰ মানৱতাবাদী দৃষ্টিভংগীৰ কথা সোঁৱৰণ কৰি বিধায়কগৰাকীয়ে হিন্দু-মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰা ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনায়।
newznow.in