গুৱাহাটী, ১ ডিচেম্বৰ: ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান নতুন দিল্লীত আয়োজন কৰাৰ বাবে অসম চৰকাৰক আদৰণি জনায় শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অৱশ্যে কেৱল অনুষ্ঠান আয়োজন কৰিলেই সুধাকণ্ঠৰ প্ৰতি প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা নহয় বুলি মন্তব্য কৰি তেওঁৰ দৰ্শন আৰু আদৰ্শ বাস্তৱত ৰূপায়ণ কৰিবলৈ চৰকাৰক আহ্বান জনায় বিধায়কগৰাকীয়ে।
এক বিবৃতিত অখিল গগৈয়ে কয় যে ড০ ভূপেন হাজৰিকাই জীৱনজোৰা সংগীত সাধনাৰ মাজেৰে প্ৰেম, সমন্বয় আৰু সম-অধিকাৰৰ যি বাৰ্তা দি গৈছে, সেই আদৰ্শ অনুসৰণ কৰাটোৱেই তেওঁৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। যোৱা বছৰৰ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পাছত সমগ্ৰ ৰাজ্যত সৃষ্টি হোৱা শোক আৰু অস্থিৰতাৰ মাজত শতবৰ্ষৰ বৃহৎ আয়োজনত কিছু বাধা আহি পৰিছিল বুলিও তেওঁ উল্লেখ কৰে।
বিধায়কগৰাকীয়ে অসমৰ সৰ্বহাৰা আৰু খেতিয়কৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰক দাবী জনায়। তেওঁ অভিযোগ কৰে যে এফালে নতুন দিল্লীত ভূপেন হাজৰিকাৰ স্মৃতিত বৃহৎ অনুষ্ঠান পতা হৈছে, আনফালে ৰাজ্যৰ দৰিদ্ৰ লোকৰ মাটি বৃহৎ পুঁজিপতি আদানি-আম্বানিৰ হাতত তুলি দিয়াৰ প্ৰৱণতা দেখা গৈছে। ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতি আৰু উচ্ছেদ অভিযানৰ সমালোচনা কৰি তেওঁ শীতৰ নিশাত কষ্টত থকা দৰিদ্ৰ কৃষকসকলৰ প্ৰতি দৃষ্টি দিবলৈ চৰকাৰক আহ্বান জনায়।
ভূপেন হাজৰিকাৰ মানৱতাবাদী দৃষ্টিভংগীৰ কথা সোঁৱৰণ কৰি বিধায়কগৰাকীয়ে হিন্দু-মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰা ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনায়। তেওঁ শিল্পীগৰাকীৰ গীতৰ পংক্তি উদ্ধৃত কৰি কয় যে সুধাকণ্ঠই মানুহৰ মাজত কোনো বিভেদৰ দেৱাল বিচৰা নাছিল।
ইয়াৰ উপৰি বিধানসভাৰ উপাধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি, জুবিন গাৰ্গৰ ন্যায়ৰ দাবী আৰু মানুহৰ বাক্-স্বাধীনতাৰ প্ৰসংগ উত্থাপন কৰে অখিল গগৈয়ে। ভূপেন হাজৰিকাই শাসকৰ স্তুতিৰ পৰিৱৰ্তে গীতৰ মাজেৰে প্ৰেম, প্ৰতিবাদ আৰু মানুহৰ মুক্তিৰ কথা কৈছিল বুলি উল্লেখ কৰি তেওঁ জন্ম শতবৰ্ষ উদযাপন কৰা চৰকাৰখনক জনসাধাৰণৰ বাক্-স্বাধীনতা খৰ্ব নকৰিবলৈ আহ্বান জনায়।
তেওঁ কয় যে ড০ ভূপেন হাজৰিকাক সন্মান জনোৱাৰ বিষয়টো কেৱল অনুষ্ঠানতে সীমাবদ্ধ থাকিব নালাগে। তেওঁৰ আদৰ্শক চৰকাৰী নীতি আৰু সামাজিক জীৱনত প্ৰতিফলিত কৰাটোৱেই সুধাকণ্ঠৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত অংশ লোৱা শিল্পী, ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকসকলকো তেওঁ শুভেচ্ছা জনায়।