নতুন দিল্লীত অনুষ্ঠিত বিজেপিৰ সাংগঠনিক কৰ্মশালাত তৃণমূল পৰ্যায়ৰ লোকসকলৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিবলৈ দলীয় নেতাসকলক আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
নতুন দিল্লী, ২৯ নৱেম্বৰ: সুশাসনৰ সুফল সমাজৰ তৃণমূল পৰ্যায়ৰ লোকসকলৰ ওচৰলৈ লৈ যোৱাৰ লগতে সাধাৰণ জনতাৰ সৈতে দলৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিবলৈ দলীয় নেতা-কৰ্মীসকলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী…
শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই দুদিনীয়া কৰ্মশালাৰ শনিবাৰে সামৰণি পৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মশালাত কেইবাঘণ্টা সময় কটাই দলৰ ৰাষ্ট্ৰীয় পদাধিকাৰী আৰু জ্যেষ্ঠ নেতাসকলৰ সৈতে মত বিনিময় কৰে।
ইয়াৰ উপৰি মহিলা সংৰক্ষণৰ সৈতে জড়িত প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক, মহিলা সবলীকৰণ আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ কৌশল প্ৰস্তুতি সন্দৰ্ভতো কৰ্মশালাখনত আলোচনা কৰা হয়।
newznow.in