নতুন দিল্লী, ২৯ নৱেম্বৰ: সুশাসনৰ সুফল সমাজৰ তৃণমূল পৰ্যায়ৰ লোকসকলৰ ওচৰলৈ লৈ যোৱাৰ লগতে সাধাৰণ জনতাৰ সৈতে দলৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিবলৈ দলীয় নেতা-কৰ্মীসকলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নতুন দিল্লীৰ পুছা চৌহদত আয়োজিত বিজেপিৰ দুদিনীয়া সাংগঠনিক কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়।

শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই দুদিনীয়া কৰ্মশালাৰ শনিবাৰে সামৰণি পৰে। দলৰ সাংগঠনিক কাম-কাজ অধিক গতিশীল কৰা, তৃণমূল পৰ্যায়লৈ সুশাসনৰ সুফল সম্প্ৰসাৰণ কৰা আৰু সমৰ্থনৰ ভিত্তি শক্তিশালী কৰাই আছিল এই কৰ্মশালাৰ মূল লক্ষ্য। কৰ্মশালাৰ অন্তত বিজেপিয়ে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সংগতি ৰাখি দলৰ নীতি আৰু সাফল্যসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱা হ'ব।

প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মশালাত কেইবাঘণ্টা সময় কটাই দলৰ ৰাষ্ট্ৰীয় পদাধিকাৰী আৰু জ্যেষ্ঠ নেতাসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ নিজৰ সাংগঠনিক অভিজ্ঞতাৰ আধাৰত জনসম্পৰ্ক বৃদ্ধিৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী বা এছ আই আৰ সম্পৰ্কে বিৰোধীয়ে চলোৱা অপপ্ৰচাৰৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।

ইয়াৰ উপৰি মহিলা সংৰক্ষণৰ সৈতে জড়িত প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক, মহিলা সবলীকৰণ আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ কৌশল প্ৰস্তুতি সন্দৰ্ভতো কৰ্মশালাখনত আলোচনা কৰা হয়।

নতুনকৈ নিযুক্তি লাভ কৰা দলীয় পদাধিকাৰীসকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আয়োজিত এই কৰ্মশালাত বিজেপিৰ ১১০ জনতকৈ অধিক ৰাষ্ট্ৰীয় পদাধিকাৰী আৰু ৰাজ্যিক প্ৰভাৰীয়ে অংশগ্ৰহণ কৰে। শুকুৰবাৰে ৰাম মাধৱে প্ৰাৰম্ভিক বক্তব্য আগবঢ়োৱাৰ পাছত শনিবাৰে বি এল সন্তোষ, শিৱ প্ৰকাশ আৰু বিনয় সহস্ৰবুদ্ধেই বক্তব্য প্ৰদান কৰে।