সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কৰ পূৰ্বে লোকসভাত ৯৭ গৰাকী সাংসদৰ বহাৰ আসন সলনি।
নতুন দিল্লী, ২৮ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে জড়িত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত সংসদত হ’বলগীয়া আলোচনাৰ পূৰ্বে লোকসভাত বহাৰ ব্যৱস্থাত ব্যাপক সালসলনি কৰা হৈছে।
ইফালে, কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিবলৈ লোৱা সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কখনক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে ডিএমকে আৰু ৱাইএছআৰ কংগ্ৰেছ পাৰ্টীয়ে (ৱাইএছআৰচিপি)।
দলৰ সভাপতি তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে আহ্বান কৰা দলীয় সাংসদসকলৰ বৈঠকৰ পাছত বিধেয়কখনক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লোৱা হয় বুলি কানিমোঝিয়ে জনায়।
কানিমোঝিয়ে লগতে কয় যে এই বিধেয়কখন গৃহীত হ’লে তামিলনাডুৰ লোকসভা সমষ্টিৰ সংখ্যা বৰ্তমানৰ ৩৯ খনৰ পৰা ৫৯ খনলৈ বৃদ্ধি পাব আৰু ইয়াৰ পাছতে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰা হ’ব।
newznow.in