নতুন দিল্লী, ২৮ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে জড়িত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত সংসদত হ’বলগীয়া আলোচনাৰ পূৰ্বে লোকসভাত বহাৰ ব্যৱস্থাত ব্যাপক সালসলনি কৰা হৈছে। সদনত মুঠ ৯৭ গৰাকী সাংসদৰ আসন সলনি কৰা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই সিদ্ধান্ত গ্ৰহণ কৰে। নতুন ব্যৱস্থা অনুসৰি ডিএমকেৰ ২২ গৰাকী আৰু এনচিপি (এছপি)ৰ ৮ গৰাকী সাংসদৰ আসন সলনি কৰা হৈছে। বাকী সালসলনিসমূহ এই ব্যৱস্থাৰ সৈতে জড়িত আন আসনসমূহৰ অংশ হিচাপে কৰা হৈছে। কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছত ডিএমকেয়ে সদনত পৃথক আসনৰ ব্যৱস্থা কৰিবলৈ অধ্যক্ষক আবেদন জনাইছিল। নতুন আসন বিন্যাসৰ সিদ্ধান্ত সেই পৰিৱৰ্তনৰ সৈতেও জড়িত বুলি জানিব পৰা গৈছে।

ইফালে, কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিবলৈ লোৱা সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কখনক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে ডিএমকে আৰু ৱাইএছআৰ কংগ্ৰেছ পাৰ্টীয়ে (ৱাইএছআৰচিপি)। এই সন্দৰ্ভত শনিবাৰে দুয়োটা দলৰ এক প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। ডিএমকেৰ সাংসদ কানিমোঝিৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোত টি আৰ বালু, দয়ানিধি মাৰান, এ ৰাজা আৰু পি উইলছন উপস্থিত থাকে। আনহাতে ৱাইএছআৰচিপিৰ হৈ ৰাজ্যসভাৰ সাংসদ ৱাই ভি সুব্বাৰেড্ডীয়ে বৈঠকত অংশ লয়।

দলৰ সভাপতি তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে আহ্বান কৰা দলীয় সাংসদসকলৰ বৈঠকৰ পাছত বিধেয়কখনক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লোৱা হয় বুলি কানিমোঝিয়ে জনায়। তেওঁ কয় যে ডিএমকেয়ে পূৰ্বে উত্থাপন কৰা দাবীসমূহ সংশোধিত বিধেয়কখনত অন্তৰ্ভুক্ত কৰা হৈছে। চৰকাৰে ১৯৭১ চনৰ জনসংখ্যাৰ ভিত্তিত লোকসভাৰ আসন বৃদ্ধি আৰু তাৰ পাছত ২৫ বছৰৰ বাবে এই ব্যৱস্থা স্থিৰ কৰি ৰখাৰ দাবী মানি লৈছে।

কানিমোঝিয়ে লগতে কয় যে এই বিধেয়কখন গৃহীত হ’লে তামিলনাডুৰ লোকসভা সমষ্টিৰ সংখ্যা বৰ্তমানৰ ৩৯ খনৰ পৰা ৫৯ খনলৈ বৃদ্ধি পাব আৰু ইয়াৰ পাছতে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰা হ’ব।

চলিত বৰ্ষৰ এপ্ৰিল মাহত মহিলা সংৰক্ষণৰ সৈতে সমষ্টি পুনৰ্নিৰ্ধাৰণক সংযোগ কৰা পূৰ্বৰ বিধেয়কখন লোকসভাত গৃহীত হোৱা নাছিল। সেই সময়ত ডিএমকেয়ে ইয়াৰ বিৰোধিতা কৰিছিল যদিও ৱাইএছআৰচিপিয়ে সমৰ্থন জনাইছিল। কিন্তু নতুন প্ৰস্তাৱৰ ক্ষেত্ৰত দুয়োটা দলেই সমৰ্থনৰ স্থিতি গ্ৰহণ কৰিছে।

ইপিনে শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপি (এছপি)য়ে এতিয়ালৈকে বিধেয়কখনক লৈ আনুষ্ঠানিক স্থিতি স্পষ্ট কৰা নাই। দলটোৰ মুখপাত্ৰ জিতেন্দ্ৰ আওহাদে কয় যে সকলো ৰাজ্যৰ বাবে আসনৰ সংখ্যা সমানুপাতিকভাৱে ৫০ শতাংশ বৃদ্ধি কৰাৰ নিশ্চয়তা পালেহে তেওঁলোকে এই প্ৰস্তাৱক সমৰ্থন জনাব।