কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক পৰীক্ষা কৰিহে চূড়ান্ত স্থিতি গ্ৰহণ কৰিব বিজু জনতা দলে।
ভুৱনেশ্বৰ, ২৮ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ এতিয়াই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰে বিজু জনতা দল চমুকৈ বিজেডিয়ে।
ওড়িশা বিধানসভাৰ বিৰোধী উপ-দলপতি প্ৰসন্ন আচাৰ্যই কয় যে সঠিক সময়ত নবীন পাটনায়কে উচিত সিদ্ধান্ত ল'ব।
ইপিনে, ওড়িশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভক্ত চৰণ দাসে এই প্ৰস্তাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
বৰ্তমান লোকসভাত ওড়িশাৰ আসন ২১ খন।
newznow.in