ভুৱনেশ্বৰ, ২৮ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ এতিয়াই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰে বিজু জনতা দল চমুকৈ বিজেডিয়ে। বিধেয়কখন সংসদত আনুষ্ঠানিকভাৱে উত্থাপন হোৱাৰ পাছত ইয়াৰ প্ৰতিটো দফা পুংখানুপুংখভাৱে পৰীক্ষা কৰিহে দলটোৱে নিজৰ স্থিতি স্পষ্ট কৰিব। দলৰ সভাপতি তথা ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়কে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব বুলি দলটোৱে জানিবলৈ দিছে। বিজেডিৰ ৰাজ্যসভাৰ সংসদীয় দলৰ নেতা মানস মংগৰাজে কয় যে ওড়িশা আৰু ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থক দলে সদায় অগ্ৰাধিকাৰ দি আহিছে আৰু এইক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব। বিধেয়কখন সংসদত আনুষ্ঠানিকভাৱে উত্থাপন নোহোৱালৈকে সিদ্ধান্ত লোৱাৰ কোনো খৰখেদা নাই বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যসভাত দলটোৰ ৫ গৰাকী সাংসদ থকাৰ বিপৰীতে লোকসভাত কোনো প্ৰতিনিধি নাই। লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ সকলো ৰাজ্যৰ বাবে সমানভাৱে প্ৰয়োগ হ'ব লাগে বুলিও তেওঁ কয়।
ওড়িশা বিধানসভাৰ বিৰোধী উপ-দলপতি প্ৰসন্ন আচাৰ্যই কয় যে সঠিক সময়ত নবীন পাটনায়কে উচিত সিদ্ধান্ত ল'ব। দলটোৱে এনডিএ আৰু ইণ্ডিয়া দুয়োটা মিত্ৰজোঁটৰ পৰাই সমদূৰত্ব বজাই ৰাখিছে বুলি তেওঁ জানিবলৈ দিয়ে।
ইপিনে, ওড়িশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভক্ত চৰণ দাসে এই প্ৰস্তাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁৰ মতে এই প্ৰক্ৰিয়াই লোকসভাত ওড়িশাৰ প্ৰতিনিধিত্ব বৰ্তমানৰ ৩.৯ শতাংশৰ পৰা ৩.৪ শতাংশলৈ হ্ৰাস কৰিব পাৰে। জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্যখনক ৰাজনৈতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত কৰা অনুচিত বুলি তেওঁ মন্তব্য কৰে।
বৰ্তমান লোকসভাত ওড়িশাৰ আসন ২১ খন। মুঠ ৫৪৩ খন আসনৰ ভিতৰত ৰাজ্যখনৰ অংশ প্ৰায় ৩.৮৯ শতাংশ। ৫০ শতাংশ আসন বৃদ্ধি পালে ওড়িশাৰ আসন ৩১ বা ৩২ খন হোৱাৰ সম্ভাৱনা আছে। আনহাতে ৰাজ্যখনৰ বিধানসভাৰ আসন ১৪৭ খনৰ পৰা ২২০ খনলৈ বৃদ্ধি পাব পাৰে।
ইয়াৰ বিপৰীতে ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী প্ৰৱতী পৰিদাই এই বিধেয়কক আদৰণি জনাইছে। সংসদ আৰু বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ ব্যৱস্থাই দেশৰ মহিলাসকলক উপকৃত কৰিব বুলি তেওঁ মন্তব্য কৰে।