ঝাৰখণ্ডৰ ৰামগড়ত এখন তীব্ৰবেগী এছ ইউ ভিয়ে গধুৰ বাহনত খুন্দা মৰাৰ ফলত একেটা পৰিয়ালৰ চাৰিটা শিশুকে ধৰি ১৩ জন লোক নিহত হয়।
ৰাঁচী, ২৯ নৱেম্বৰ: ঝাৰখণ্ডৰ ৰামগড় জিলাত দেওবাৰে পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিটা শিশুকে ধৰি মুঠ ১৩ জন লোকৰ মৃত্যু ঘটে।
নিহত আটাইকেইজন লোকেই বিহাৰৰ নালন্দা জিলাৰ ঝংহাৰো গাঁৱৰ বাসিন্দা।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ব্যক্তিজনক ৰামগড় সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ৰামগড়ৰ আৰক্ষী অধীক্ষক মুকেশ কুমাৰ লুনায়াতে জনায় যে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতেই গধুৰ বাহনখন ঘটনাস্থলীৰ পৰা পলাই যায়।
newznow.in