ৰাঁচী, ২৯ নৱেম্বৰ: ঝাৰখণ্ডৰ ৰামগড় জিলাত দেওবাৰে পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিটা শিশুকে ধৰি মুঠ ১৩ জন লোকৰ মৃত্যু ঘটে। এখন তীব্ৰবেগী এছ ইউ ভিয়ে গধুৰ বাহন এখনত খুন্দা মৰাৰ ফলতে এই শোকাৱহ ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত পৰিয়ালটোৰ আন এজন সদস্য গুৰুতৰভাৱে আহত হৈছে। আৰক্ষীয়ে জনোৱা মতে, ৰাঁচী-পাটনা ৰাষ্ট্ৰীয় ঘাইপথৰ কুজু আৰক্ষী থানাৰ অন্তৰ্গত পেইংকি অঞ্চলত বিজেপিৰ কাৰ্যালয়ৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ সময়ত এছ ইউ ভিখনত মুঠ ১৪ জন যাত্ৰী আছিল। সংঘৰ্ষৰ ফলত বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। পিছত আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলায়।
নিহত আটাইকেইজন লোকেই বিহাৰৰ নালন্দা জিলাৰ ঝংহাৰো গাঁৱৰ বাসিন্দা। পৰিয়ালটোৰ এজন সদস্য বিবেক কুমাৰৰ পত্নীয়ে চৰকাৰী শিক্ষকৰ চাকৰি লাভ কৰাৰ আনন্দত তেওঁলোকে ৰাজৰাপ্পাৰ ছিন্নমস্তা মন্দিৰত পূজা দিবলৈ গৈ থকাৰ সময়তে এই বিপৰ্যয় ঘটে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ব্যক্তিজনক ৰামগড় সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়খনৰ অসামৰিক শল্য চিকিৎসক ডাঃ অনিল কুমাৰে জনোৱা মতে, চিকিৎসালয়লৈ অনাৰ সময়তে ১৩ জন লোকক মৃত ঘোষণা কৰা হয়। বৰ্তমান সংকটজনক অৱস্থাত থকা আহত ব্যক্তিজনক আই চি ইউত চিকিৎসা প্ৰদান কৰি থকা হৈছে।
ৰামগড়ৰ আৰক্ষী অধীক্ষক মুকেশ কুমাৰ লুনায়াতে জনায় যে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতেই গধুৰ বাহনখন ঘটনাস্থলীৰ পৰা পলাই যায়। বাহনখনৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে নিহতসকলৰ পৰিচয় নিশ্চিতকৰণৰ কাম চলি আছে।
দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে এই হৃদয়বিদাৰক ঘটনাত গভীৰ শোক প্ৰকাশ কৰি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহত ব্যক্তিজনৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি জনায়।