নতুন দিল্লীত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বৰ্ষজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট কণ্ঠশিল্পী উষা মংগেশকাৰক ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব।
নতুন দিল্লী, ২৯ নৱেম্বৰ: বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বৰ্ষজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল যে উষা মংগেশকাৰে এই বঁটা গ্ৰহণ কৰিবলৈ সন্মতি জনাইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে এই সন্মান প্ৰদান কৰিব।
১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত অসমৰ শদিয়াত জন্মগ্ৰহণ কৰা ড০ ভূপেন হাজৰিকা একাধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখক আছিল।
আজিৰ সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব।
newznow.in