নতুন দিল্লী, ২৯ নৱেম্বৰ: বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বৰ্ষজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'বলগীয়া এই বিশেষ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে বিশিষ্ট কণ্ঠশিল্পী উষা মংগেশকাৰক ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব।এই সন্মানীয় বঁটাত আছে এটা প্ৰশস্তি-পত্ৰৰ লগতে ১০ লাখ টকাৰ নগদ ধন। প্ৰতি তিনি বছৰৰ মূৰে মূৰে নিৰ্বাচিত ব্যক্তিক এই সন্মান আগবঢ়োৱা হ'ব। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে উপস্থিত ৰাইজক সম্বোধন কৰাৰো কাৰ্যসূচী আছে।
ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল যে উষা মংগেশকাৰে এই বঁটা গ্ৰহণ কৰিবলৈ সন্মতি জনাইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে এই সন্মান প্ৰদান কৰিব। উল্লেখ্য যে, ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত বিগত এবছৰ ধৰি স্মৃতিচাৰণ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। ২০২৫ চনৰ ৮ ছেপ্টেম্বৰত এই বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল। সুধাকণ্ঠৰ সংগীত, সাহিত্য, চলচ্চিত্ৰ আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানক সুঁৱৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। আজি নতুন দিল্লীত অনুষ্ঠিত এই অনুষ্ঠানে উক্ত উদযাপনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আনুষ্ঠানিক সামৰণি পেলাব।
১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত অসমৰ শদিয়াত জন্মগ্ৰহণ কৰা ড০ ভূপেন হাজৰিকা একাধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখক আছিল। ভাৰতীয় সংগীত আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁ দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল। ২০১৯ চনত মৰণোত্তৰভাৱে তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰতৰত্ন’ প্ৰদান কৰা হয়।
আজিৰ সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব।