শ্বিলঙৰ হিংসাত্মক ঘটনাৰ তদন্তত একাধিক আসোঁৱাহ থকা বুলি অসন্তুষ্টি প্ৰকাশ মেঘালয় উচ্চ ন্যায়ালয়ৰ।
শ্বিলং, ২৯ নৱেম্বৰ: শ্বিলঙত যোৱা ১৯ আগষ্টত এক সমদলক কেন্দ্ৰ কৰি সংঘটিত হিংসাত্মক ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত একাধিক আসোঁৱাহ থকা বুলি অসন্তুষ্টি প্ৰকাশ কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে।
পূব খাছি পাহাৰ জিলাৰ উপায়ুক্ত অভিলাষ বাৰানৱালে আদালতত দাখিল কৰা শপতনামাত জনোৱা হৈছিল যে ১৯ আগষ্টৰ পুৱা প্ৰায় ১১ বজাত খাছি ষ্টুডেণ্টছ ইউনিয়নৰ (কেএছইউ) প্ৰায় ২০-২৫ জন স্বেচ্ছাসেৱকে…
কিন্তু সমদল আৰম্ভ হোৱা স্থানত আৰক্ষীয়ে ভিডিঅ' ৰেকৰ্ডিং নকৰাৰ বিষয়টোত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে আদালতে।
সাধাৰণ লোকক আক্ৰমণ আৰু সম্পত্তি বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ থকাৰ পাছতো মাত্ৰ সাতজন লোকক গ্ৰেপ্তাৰ কৰাক লৈ আদালতে উদ্বেগ প্ৰকাশ কৰে।
newznow.in