শ্বিলং, ২৯ নৱেম্বৰ: শ্বিলঙত যোৱা ১৯ আগষ্টত এক সমদলক কেন্দ্ৰ কৰি সংঘটিত হিংসাত্মক ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত একাধিক আসোঁৱাহ থকা বুলি অসন্তুষ্টি প্ৰকাশ কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে। ঘটনাৰ লগত জড়িত অধিকাংশ লোকক চিনাক্ত নকৰা, চিচিটিভি ফুটেজ সংগ্ৰহত পলম কৰা আৰু মাত্ৰ সাতজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাক লৈ আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলিছে আদালতে। ২৬ নৱেম্বৰত মুখ্য ন্যায়াধীশ ৰেৱতী মোহিতে ডেৰে আৰু ন্যায়াধীশ ডব্লিউ ডিয়েংডোহৰ দ্বৈত বিচাৰপীঠে দুখনকৈ জনস্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই অসন্তুষ্টি ব্যক্ত কৰে। আদালতে উল্লেখ কৰে যে ১৯ আগষ্টৰ হিংসাত্মক ঘটনাৰ পাছত আৰক্ষীয়ে সময়মতে প্ৰয়োজনীয় চিচিটিভি ফুটেজ সংগ্ৰহ কৰা নাছিল। আদালতৰ নিৰ্দেশৰ পাছতহে জাইয়াও অঞ্চলৰ ফুটেজসমূহ আৰক্ষীয়ে সংগ্ৰহ কৰে।
পূব খাছি পাহাৰ জিলাৰ উপায়ুক্ত অভিলাষ বাৰানৱালে আদালতত দাখিল কৰা শপতনামাত জনোৱা হৈছিল যে ১৯ আগষ্টৰ পুৱা প্ৰায় ১১ বজাত খাছি ষ্টুডেণ্টছ ইউনিয়নৰ (কেএছইউ) প্ৰায় ২০-২৫ জন স্বেচ্ছাসেৱকে মেঘালয় সচিবালয়ৰ দেৱাল আৰু লোহাৰ জালিত বেনাৰ-পোষ্টাৰ লগাবলৈ আৰম্ভ কৰে। বিয়লি ৩ বজাত জাইয়াওৰ কেএছইউ কাৰ্যালয়ৰ পৰা সমদলটো শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছিল বুলি প্ৰশাসনৰ তৰফৰ পৰা দাবী কৰা হয়।
কিন্তু সমদল আৰম্ভ হোৱা স্থানত আৰক্ষীয়ে ভিডিঅ' ৰেকৰ্ডিং নকৰাৰ বিষয়টোত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে আদালতে। উচ্চতম ন্যায়ালয়ৰ তেহছিন এছ পুন্নাৱালা গোচৰৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি এনে সমদলৰ ভিডিঅ' ৰেকৰ্ডিং কৰাটো বাধ্যতামূলক আছিল। ইয়াৰ উপৰি আৰক্ষীৰ পূৰ্বৰ প্ৰতিবেদন আৰু শেহতীয়া শপতনামাৰ মাজত থকা অসংগতি আঙুলিয়াই দি বিচাৰপীঠে কয় যে সমদলকাৰীয়ে মুখ ঢাকিবলৈ অনুমতি পোৱা নাছিল বুলি কোৱা সত্ত্বেও কেইবাজনো লোকৰ মুখ ঢকা, হাতত লাঠী থকা আৰু বাহনৰ নম্বৰ প্লেট ঢাকি ৰখা দেখা গৈছিল।
সাধাৰণ লোকক আক্ৰমণ আৰু সম্পত্তি বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ থকাৰ পাছতো মাত্ৰ সাতজন লোকক গ্ৰেপ্তাৰ কৰাক লৈ আদালতে উদ্বেগ প্ৰকাশ কৰে। অৱশ্যে বিশেষ তদন্তকাৰী দলৰ (এছআইটি) প্ৰতিবেদন অনুসৰি বাকী অভিযুক্তসকলৰ ভূমিকা নিৰ্ণয়ৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত অধিক তদন্ত চলি থকা বুলি জনোৱা হৈছে। চৰকাৰে ৩২ টা স্থানৰ চিচিটিভি ফুটেজ বন্ধ খামত আদালতত দাখিল কৰিছে আৰু ন্যায়ালয়ৰ বান্ধৱক (এমিকাচ কিউৰী) সেইসমূহ পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে।
গণহিংসা প্ৰতিৰোধৰ বাবে পূৰ্বতে জাৰি কৰা নিৰ্দেশনাসমূহ ৰূপায়ণ নকৰা আৰু জিলাসমূহত বিশেষ টাস্ক ফ'ৰ্চ গঠন নকৰাক লৈও ক্ষোভ প্ৰকাশ কৰে আদালতে। চৰকাৰী নিৰ্দেশনা কেৱল কাগজতে সীমাবদ্ধ থাকিব নোৱাৰে বুলি স্পষ্ট কৰি মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধানক এই বিষয়সমূহ পৰীক্ষা কৰিবলৈ কয় বিচাৰপীঠে। লগতে হিংসাত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ক্ষতিপূৰণ আঁচনি প্ৰস্তুত কৰা হৈছে নে নাই, সেই সন্দৰ্ভতো শপতনামা দাখিলৰ নিৰ্দেশ দি গোচৰৰ পৰৱৰ্তী শুনানি অহা ১১ ডিচেম্বৰত নিৰ্ধাৰণ কৰা হৈছে।