লংকাত শিশু সুৰক্ষা গোটৰ অভিযান উদালী-ফুলতলীৰ কেইবাখনো বিপণীৰ পৰা উদ্ধাৰ তিনি শিশু শ্ৰমিক শিশুক কামত নিয়োজিত কৰা বিপণীৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে হ’ব আইনী ব্যৱস্থা
লংকা, ২৮ অক্টোবৰঃ হোজাই জিলাৰ লংকাৰ উদালী আৰু ফুলতলী অঞ্চলত শিশু সুৰক্ষা গোটে চলোৱা অভিযানত তিনিগৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়।
হোজাই শিশু সুৰক্ষা গোটৰ উদ্যোগত, এটা বেচৰকাৰী সংস্থা (এন জি অ’)ৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু উদালী আৰক্ষীৰ সহযোগত এই অভিযান চলোৱা হয়।
অভিযানকালত উদালী আৰু ফুলতলী অঞ্চলৰ কেইবাখনো বিপণীত শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰি ৰখাৰ তথ্য পোহৰলৈ আহে।
ইফালে, উদ্ধাৰ হোৱা শিশুকেইজনক কামত নিয়োজিত কৰি ৰখা বিপণীৰ স্বত্বাধিকাৰীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
newznow.in