লংকা, ২৮ অক্টোবৰঃ হোজাই জিলাৰ লংকাৰ উদালী আৰু ফুলতলী অঞ্চলত শিশু সুৰক্ষা গোটে চলোৱা অভিযানত তিনিগৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়। অঞ্চল দুটাৰ কেইবাখনো বিপণীৰ পৰা শিশুকেইজনক উদ্ধাৰ কৰে অভিযানকাৰী দলে।

হোজাই শিশু সুৰক্ষা গোটৰ উদ্যোগত, এটা বেচৰকাৰী সংস্থা (এন জি অ’)ৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু উদালী আৰক্ষীৰ সহযোগত এই অভিযান চলোৱা হয়।

অভিযানকালত উদালী আৰু ফুলতলী অঞ্চলৰ কেইবাখনো বিপণীত শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰি ৰখাৰ তথ্য পোহৰলৈ আহে। অভিযানকাৰী দলে বিপণীসমূহৰ পৰা তিনি শিশুক উদ্ধাৰ কৰি পৰৱৰ্তী ব্যৱস্থাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰলৈ নিয়ে।

ইফালে, উদ্ধাৰ হোৱা শিশুকেইজনক কামত নিয়োজিত কৰি ৰখা বিপণীৰ স্বত্বাধিকাৰীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

শিশু শ্ৰম বন্ধ কৰা আৰু শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হয়। অভিযান সন্দৰ্ভত হোজাই শিশু সুৰক্ষা গোটৰ এগৰাকী কৰ্মচাৰীয়ে বক্তব্য আগবঢ়ায়।