সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক ডিএমকেয়ে সমৰ্থন জনোৱাৰ পাছতে মিত্ৰজোঁটৰ মতভেদ দূৰ কৰিবলৈ এম কে ষ্টেলিনক সাক্ষাৎ কৰিবলৈ চেন্নাইত উপস্থিত হৈছে ছোনিয়া গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে।
নতুন দিল্লী, ২৯ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণ সম্পৰ্কীয় কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত বিধেয়কক কেন্দ্ৰ কৰি দেশৰ ৰাজনৈতিক মহলত তৎপৰতা বৃদ্ধি পাইছে।
ইফালে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ নেতা বিজয় ৱাডেট্টিৱাৰে শৰদ পাৱাৰক 'বিশ্বাসঘাতক' আখ্যা দিয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ সাজু বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেওবাৰে মহিলা সংৰক্ষণৰ বিষয়ত বিৰোধী দলসমূহলৈ বাৰ্তা প্ৰেৰণ কৰে।
আনহাতে, ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ বাবে কংগ্ৰেছে নিজৰ সকলো লোকসভা সাংসদক উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে।
newznow.in