নতুন দিল্লী, ২৯ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণ সম্পৰ্কীয় কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত বিধেয়কক কেন্দ্ৰ কৰি দেশৰ ৰাজনৈতিক মহলত তৎপৰতা বৃদ্ধি পাইছে। সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ ঠিক এদিন পূৰ্বে বিৰোধী 'ইণ্ডিয়া' মিত্ৰজোঁটৰ নেতাসকলে আভ্যন্তৰীণ মতভেদ দূৰ কৰাৰ চেষ্টা চলাইছে। প্ৰস্তাৱিত বিধেয়কখনক ডিএমকে দলে সমৰ্থন জনোৱাৰ সিদ্ধান্ত লোৱাৰ পিছতেই দেওবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা দলটোৰ সভাপতি এম কে ষ্টেলিনক সাক্ষাৎ কৰিবলৈ চেন্নাইত উপস্থিত হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধী আৰু দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। 'ইণ্ডিয়া' মিত্ৰজোঁটৰ এটা জ্যেষ্ঠ প্ৰতিনিধি দলেও ষ্টেলিনৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা। একেদৰে এনচিপি (এছপি)ৰ মুৰব্বী শৰদ পাৱাৰৰ সৈতেও আলোচনাৰ পৰিকল্পনা কৰা হৈছে। এই বিধেয়কখনক লৈ ডিএমকে আৰু এনচিপি (এছপি)ৰ স্থিতিৰ সম্ভাৱনাই বিৰোধী শিবিৰৰ ঐক্যৰ ক্ষেত্ৰত নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে।
ইফালে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ নেতা বিজয় ৱাডেট্টিৱাৰে শৰদ পাৱাৰক 'বিশ্বাসঘাতক' আখ্যা দিয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ সাজু বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। নাগপুৰত সাংবাদিকৰ আগত তেওঁ কয় যে পাৱাৰে যদি বিধেয়কখন সমৰ্থন নকৰে, তেন্তে তেওঁ পাৱাৰৰ ভৰিত মূৰ থৈ ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেওবাৰে মহিলা সংৰক্ষণৰ বিষয়ত বিৰোধী দলসমূহলৈ বাৰ্তা প্ৰেৰণ কৰে। দলীয় স্বাৰ্থক ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত স্থান দিলে মহিলা সৱলীকৰণ আৰু দেশৰ স্বাৰ্থ বিঘ্নিত হ'ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে 'নাৰী শক্তি বন্দন সংশোধনী'ক সময়ৰ আহ্বান আখ্যা দিয়ে আৰু সকলো দলকে ইয়াত সমৰ্থন জনাবলৈ আহ্বান জনায়।
আনহাতে, ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ বাবে কংগ্ৰেছে নিজৰ সকলো লোকসভা সাংসদক উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে। এই অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ১৩২সংখ্যক সংশোধনী বিধেয়ক, ২০২৬ উত্থাপন কৰাৰ পৰিকল্পনা হাতত লৈছে।
প্ৰস্তাৱিত বিধেয়ক অনুসৰি লোকসভাৰ সৰ্বাধিক আসন সংখ্যা ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধি কৰাৰ কথা কোৱা হৈছে। ইয়াৰে সৰ্বাধিক ৮১৫জন ৰাজ্যসমূহৰ পৰা আৰু ৩৫জন সদস্য কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা নিৰ্বাচিত হোৱাৰ ব্যৱস্থা আছে। একেদৰে ৰাজ্যিক বিধানসভাসমূহৰ সৰ্বাধিক আসন সংখ্যা ৫০০ৰ পৰা ৬৫০লৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে, যাৰ জৰিয়তে সংসদ আৰু বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰাৰ পথ মুকলি হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে জনাইছে।
উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত সমষ্টি পুনৰ্নিৰ্ধাৰণ সম্পৰ্কীয় পূৰ্বৰ সংবিধান সংশোধনী বিধেয়কখন লোকসভাত প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভত ব্যৰ্থ হৈছিল। সেই সময়ত বিধেয়কখনৰ সপক্ষে ২৯৮জন আৰু বিপক্ষে ২৩০জন সাংসদে ভোট দিছিল।