এগৰাকী মহিলাই উত্থাপন কৰা প্ৰতাৰণাৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু ৰাজনৈতিকভাৱে প্ৰেৰিত বুলি দাবী কৰে বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণে।
'মই উপাধ্যক্ষ পদৰ পৰা কিয় পদত্যাগ কৰিম?' 'মহিলাগৰাকীৰে মোৰ কোনো সম্পৰ্ক নাই'
'সকলো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত'।
অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা ব্যক্তিগত সম্পৰ্ক আৰু প্ৰতাৰণাৰ অভিযোগক লৈ ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চৰ্চা অব্যাহত আছে।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডাঃ টেৰণে মহিলাগৰাকীৰ সৈতে কোনো প্ৰেম বা ব্যক্তিগত সম্পৰ্ক থকাৰ কথা পোনছাটেই অস্বীকাৰ কৰে।
newznow.in