২৯ নৱেম্বৰ , ২০২৬

'মই উপাধ্যক্ষ পদৰ পৰা কিয় পদত্যাগ কৰিম?' 'মহিলাগৰাকীৰে মোৰ কোনো সম্পৰ্ক নাই'

'সকলো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত'। উপাধ্যক্ষ ডাঃ হাবে টেৰণে নস্যাৎ কৰিলে মহিলাগৰাকীৰ অভিযোগ।

অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা ব্যক্তিগত সম্পৰ্ক আৰু প্ৰতাৰণাৰ অভিযোগক লৈ ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চৰ্চা অব্যাহত আছে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ স্থিতি স্পষ্ট কৰি উপাধ্যক্ষগৰাকীয়ে উত্থাপিত সকলো অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰে। লগতে তেওঁ উপাধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ কোনো প্ৰশ্নই নুঠে বুলিও স্পষ্ট কৰি দিয়ে।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডাঃ টেৰণে মহিলাগৰাকীৰ সৈতে কোনো প্ৰেম বা ব্যক্তিগত সম্পৰ্ক থকাৰ কথা পোনছাটেই অস্বীকাৰ কৰে। তেওঁ কয়, "মহিলাগৰাকীৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। এইবোৰ সম্পূৰ্ণ মিছা অভিযোগ।" বহু বছৰ পুৰণি এটা বিষয়ক লৈ এতিয়া উত্থাপন কৰা এই অভিযোগসমূহ ৰাজনৈতিকভাৱে প্ৰেৰিত বুলিও তেওঁ মন্তব্য কৰে।

বিভিন্ন বিৰোধী দল আৰু সংগঠনে উপাধ্যক্ষ পদৰ পৰা তেওঁৰ পদত্যাগ দাবী কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ডাঃ টেৰণে ওলোটাই প্ৰশ্ন কৰে, "মই উপাধ্যক্ষ পদৰ পৰা কিয় পদত্যাগ কৰিম?" নিজৰ বিৰুদ্ধে অনা অভিযোগসমূহ ভিত্তিহীন বুলি উল্লেখ কৰি তেওঁ পদত্যাগৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নাকচ কৰে।

মহিলাগৰাকীৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত ডিএনএ পৰীক্ষা কৰোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ তেওঁ পোনপটীয়া কোনো সন্মতি বা অসন্মতি প্ৰকাশ নকৰিলে। এই সন্দৰ্ভত পিছত জনাব বুলি উল্লেখ কৰি তেওঁ কয়, "মই আপোনালোকক মাতি সম্পূৰ্ণ কথা ক'ম।"

ইপিনে বিষয়টোক লৈ অনুষ্ঠিত হোৱা কাৰ্বি পৰম্পৰাগত বৈঠক সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডাঃ টেৰণে। উক্ত বৈঠকত উত্থাপিত অভিযোগসমূহ অস্বীকাৰ কৰাৰ লগতে বৈঠকখনৰ সমগ্ৰ প্ৰক্ৰিয়াটোক লৈও তেওঁ আপত্তি দৰ্শায়। সোমবাৰে সংবাদ মাধ্যমৰ আগত এই সমগ্ৰ বিষয় লৈ নিজৰ স্থিতি আৰু অধিক স্পষ্ট কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।