নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠান।
নতুন দিল্লী: সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠানক লৈ উখল-মাখল হৈ পৰিছে দেশৰ ৰাজধানী নতুন দিল্লী।
এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা যাত্ৰা আৰম্ভ কৰি নিজৰ সুৰ, কণ্ঠ আৰু সৃষ্টিৰ জৰিয়তে সমগ্ৰ বিশ্বতে অসমক পৰিচিত কৰোৱা সুধাকণ্ঠ কেৱল এগৰাকী শিল্পীয়েই নাছিল, তেওঁ আছিল মানৱতা আৰু সাম্যৰ এক অনন্য কণ্ঠ।
জন্ম শতবাৰ্ষিকীৰ এই সামৰণী অনুষ্ঠানৰ জৰিয়তে তেওঁৰ কালজয়ী অৱদান আৰু মানৱতাবাদী দৰ্শনক পুনৰ এবাৰ স্মৰণ কৰিব সমগ্ৰ দেশে।
newznow.in