নতুন দিল্লী: সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠানক লৈ উখল-মাখল হৈ পৰিছে দেশৰ ৰাজধানী নতুন দিল্লী। মহান শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদনৰ বাবে নতুন দিল্লীৰ ভাৰত মণ্ডপমত সম্পূৰ্ণ হৈছে বিশেষ আয়োজন। আজি সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ অনুষ্ঠানত সুধাকণ্ঠৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত দেশৰ বিশিষ্ট শিল্পীসকলে ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত আৰু সৃষ্টিৰাজিৰে মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিব।
ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা যাত্ৰা আৰম্ভ কৰি নিজৰ সুৰ, কণ্ঠ আৰু সৃষ্টিৰ জৰিয়তে সমগ্ৰ বিশ্বতে অসমক পৰিচিত কৰোৱা সুধাকণ্ঠ কেৱল এগৰাকী শিল্পীয়েই নাছিল, তেওঁ আছিল মানৱতা আৰু সাম্যৰ এক অনন্য কণ্ঠ। তেওঁৰ গীতত প্ৰতিফলিত হৈছিল মানুহৰ প্ৰতি মানুহৰ ভালপোৱা, সামাজিক ন্যায়, সম্প্ৰীতি আৰু শোষণমুক্ত সমাজৰ সপোন।
জন্ম শতবাৰ্ষিকীৰ এই সামৰণী অনুষ্ঠানৰ জৰিয়তে তেওঁৰ কালজয়ী অৱদান আৰু মানৱতাবাদী দৰ্শনক পুনৰ এবাৰ স্মৰণ কৰিব সমগ্ৰ দেশে। অসমৰ সাংস্কৃতিক গৌৰৱক ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপনৰ এই বিশেষ ক্ষণে সুধাকণ্ঠৰ প্ৰতি দেশবাসীৰ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ এক অনন্য প্ৰকাশ হিচাপে পৰিগণিত হ’ব।