দক্ষিণ কামৰূপৰ ছমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ৰাংগাপানীৰ ইছমাইল হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৪৭ সংখ্যক বিদ্যালয়…
বিদ্যালয় সপ্তাহ উপলক্ষে পতাকা উত্তোলন, বৃক্ষৰোপণ আৰু স্বচ্ছতা অভিযানৰ লগতে বিভিন্ন খেল-ধেমালি, সাহিত্য, সাংস্কৃতিক আৰু বৌদ্ধিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
বিদ্যালয় সপ্তাহৰ অন্যতম উল্লেখযোগ্য কাৰ্যসূচী হিচাপে শুকুৰবাৰে পুৱা এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।
আনহাতে, বিদ্যালয় সপ্তাহৰ অন্তিম দিনা দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ অন্তত বিয়লি অনুষ্ঠিত হয় বঁটা বিতৰণী সভা।
প্ৰতিযোগিতাসমূহৰ ভিতৰত গীত-মাত, কবিতা আবৃত্তি, কোৰাণ পাঠ, গজল, জিকিৰ-জাৰি, কুইজ, তৰ্ক আৰু ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
newznow.in