দক্ষিণ কামৰূপৰ ছমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ৰাংগাপানীৰ ইছমাইল হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৪৭ সংখ্যক বিদ্যালয় সপ্তাহৰ যোৱা নিশা সফলতাৰে সামৰণি পৰে।

বিদ্যালয় সপ্তাহ উপলক্ষে পতাকা উত্তোলন, বৃক্ষৰোপণ আৰু স্বচ্ছতা অভিযানৰ লগতে বিভিন্ন খেল-ধেমালি, সাহিত্য, সাংস্কৃতিক আৰু বৌদ্ধিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাসমূহৰ ভিতৰত গীত-মাত, কবিতা আবৃত্তি, কোৰাণ পাঠ, গজল, জিকিৰ-জাৰি, কুইজ, তৰ্ক আৰু ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

বিদ্যালয় সপ্তাহৰ অন্যতম উল্লেখযোগ্য কাৰ্যসূচী হিচাপে শুকুৰবাৰে পুৱা এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। একেদিনাই বিয়লি ১ বজাত 'বাল্যবিবাহ আৰু ইয়াৰ ভয়াৱহ পৰিণতি' শীৰ্ষক এখন গুৰুত্বপূৰ্ণ সজাগতামূলক আলোচনা চক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰত কামৰূপ জিলাৰ জিলা শিশু সুৰক্ষা বিষয়া মুনমুন শাদনিধাৰ নেওগ, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ চুলতান আহমেদ, অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নুৰুল ইছলাম, উপস্থিত থাকি বাল্যবিবাহৰ কু-প্ৰভাৱ আৰু ইয়াৰ ভয়াৱহ পৰিণতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

আনহাতে, বিদ্যালয় সপ্তাহৰ অন্তিম দিনা দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ অন্তত বিয়লি অনুষ্ঠিত হয় বঁটা বিতৰণী সভা। বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হজৰত আলীৰ নেতৃত্বত আৰু সহঃ শিক্ষক নজৰুল ইছলামৰ তত্ত্বাৱধানত অনুষ্ঠিত এই অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জিন্নাহ ৰবিউল হক, উপ-সভাপতি মীৰ্জা ৰবিউল হাছানৰ লগতে অভিভাৱক-অভিভাৱিকা, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন গীত-মাত আৰু সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে চাৰিদিনীয়া বিদ্যালয় সপ্তাহৰ সফল সামৰণি পৰে।