অসমলৈ আহি জুবিন ক্ষেত্ৰত উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱে।
বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱে অসমত উপস্থিত হৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ শয়নস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অসমীয়া ছবি ‘ডবল বিয়া’ত অভিনয় কৰাৰ উদ্দেশ্যে অসমলৈ আহিছে ৰাজপাল যাদৱ।
শিল্পীগৰাকীক স্মৰণ কৰি ৰাজপাল যাদৱে কয় যে জুবিন গাৰ্গে শ্ৰোতাক অসংখ্য স্মৰণীয় গীত উপহাৰ দি গৈছে।
অভিনেতাগৰাকীয়ে আশা প্ৰকাশ কৰে যে জুবিনৰ সৃষ্টিৰ যাদু ভৱিষ্যতেও মানুহৰ মাজত এনেদৰেই চিৰসেউজ হৈ থাকিব।
newznow.in