বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱে অসমত উপস্থিত হৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ শয়নস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জুবিন গাৰ্গৰ সৃষ্টি আৰু প্ৰতিভাক স্মৰণ কৰি অভিনেতাগৰাকীয়ে কয় যে তেওঁৰ কৰ্মই তেওঁক সদায় অমৰ কৰি ৰাখিব।
অসমীয়া ছবি ‘ডবল বিয়া’ত অভিনয় কৰাৰ উদ্দেশ্যে অসমলৈ আহিছে ৰাজপাল যাদৱ। অসম ভ্ৰমণৰ মাজতে তেওঁ জুবিন ক্ষেত্ৰলৈ গৈ প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। এগৰাকী শিল্পীৰ প্ৰতি সন্মান জনোৱাৰ বাবে এই স্থানতকৈ ডাঙৰ আন কোনো ঠাই হ’ব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে।
শিল্পীগৰাকীক স্মৰণ কৰি ৰাজপাল যাদৱে কয় যে জুবিন গাৰ্গে শ্ৰোতাক অসংখ্য স্মৰণীয় গীত উপহাৰ দি গৈছে। তেওঁৰ কণ্ঠ আৰু প্ৰতিভাৰ যাদু সমগ্ৰ দেশ তথা বিশ্বজুৰি বিয়পি পৰিছিল। অভিনেতাগৰাকীয়ে জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনা কৰে।
আমি নিজেও জুবিনৰ অনুৰাগী আছিলোঁ। দুয়ো পৃথক ক্ষেত্ৰৰ হ’লেও সংগীত আৰু অভিনয় জগতৰ মানুহ হিচাপে আমি একেটা বৃহৎ পৰিয়ালৰ অংশ।
অভিনেতাগৰাকীয়ে আশা প্ৰকাশ কৰে যে জুবিনৰ সৃষ্টিৰ যাদু ভৱিষ্যতেও মানুহৰ মাজত এনেদৰেই চিৰসেউজ হৈ থাকিব। এই ভ্ৰমণকালত তেওঁ অসমৰ ৰাইজৰ শিল্পীগৰাকীৰ প্ৰতি থকা গভীৰ আবেগ আৰু মৰমৰ কথাও উল্লেখ কৰে।
সুব্ৰত কাকতিৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া অসমীয়া ছবি ‘ডবল বিয়া’ৰ জৰিয়তে বলীউডৰ এই বিশিষ্ট অভিনেতাগৰাকীয়ে প্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে।