মিচিং স্পৰ্টছ কাৰ্নিভেলত দুৰ্নীতি হোৱাৰ অভিযোগ নস্যাৎ কৰিলে টিএমপিকেৰ সভাপতি তিলক দলেয়ে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৮ টা পৰিষদীয় সমষ্টিত সোমবাৰে অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ প্ৰাকক্ষণত মিচিং স্পৰ্টছ কাৰ্নিভেলক লৈ উত্থাপিত দুৰ্নীতিৰ অভিযোগ নস্যাৎ কৰিছে টাকাম মিচিং পৰিণ কৌবাং…
টিএমপিকেৰ সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এটা বৃহৎ অনুষ্ঠান আয়োজন কৰিলে খাদ্য যোগান ধৰাটো স্বাভাৱিক আৰু বাধ্যতামূলক।
তিলক দলেয়ে কয় যে গুৱাহাটীত বহি মনেসজা কাহিনীৰে প্ৰচাৰ চলাই থাকিলেই নহ'ব, ৰাইজৰ সন্মুখত প্ৰমাণ দাঙি ধৰিব লাগিব।
তেওঁ আৰু কয় যে ৩ নৱেম্বৰত সকলো স্পষ্ট হৈ পৰিব।
newznow.in