মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৮ টা পৰিষদীয় সমষ্টিত সোমবাৰে অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ প্ৰাকক্ষণত মিচিং স্পৰ্টছ কাৰ্নিভেলক লৈ উত্থাপিত দুৰ্নীতিৰ অভিযোগ নস্যাৎ কৰিছে টাকাম মিচিং পৰিণ কৌবাং চমুকৈ টিএমপিকিয়ে। পৰিষদৰ উন্নয়নমূলক আঁচনি আৰু স্পৰ্টছ কাৰ্নিভেলৰ নামত পুঁজিৰ অপব্যৱহাৰ হোৱা বুলি ওলোৱা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৰ সভাপতি তিলক দলেয়ে।

টিএমপিকেৰ সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এটা বৃহৎ অনুষ্ঠান আয়োজন কৰিলে খাদ্য যোগান ধৰাটো স্বাভাৱিক আৰু বাধ্যতামূলক। কিন্তু তাকেই দুৰ্নীতি বুলি কোৱা কথাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি তেওঁ অসন্তোষ প্ৰকাশ কৰে।

তিলক দলেয়ে কয় যে গুৱাহাটীত বহি মনেসজা কাহিনীৰে প্ৰচাৰ চলাই থাকিলেই নহ'ব, ৰাইজৰ সন্মুখত প্ৰমাণ দাঙি ধৰিব লাগিব। নিৰ্বাচনৰ ঠিক পূৰ্বে মিচিং স্বায়ত্তশাসিত পৰিষদ নাইবা মিচিং স্পৰ্টছ কাৰ্নিভেলক লৈ কিয় এনে প্ৰশ্ন উত্থাপন কৰা হৈছে বুলিও তেওঁ ওলোটাই প্ৰশ্ন কৰে। সংগঠনটোৱে সদায় দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ চেষ্টা কৰি আহিছে আৰু তথ্যসহকাৰে প্ৰমাণ দিলে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে।

তেওঁ আৰু কয় যে ৩ নৱেম্বৰত সকলো স্পষ্ট হৈ পৰিব। ক'ত দুৰ্নীতি হৈছে সেয়া দেখুৱাই দিলে ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে সকীয়াই দিয়ে যে ৩ নৱেম্বৰৰ পাছত এনে ভুৱা তথ্য প্ৰচাৰ কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।