অসম

কাছাৰত নিষিদ্ধ সংগঠন হুজিৰ সন্দেহযুক্ত সদস্য গ্ৰেপ্তাৰ: জাল নথি-পত্ৰ জব্দ

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

কাছাৰ জিলাত অসম ৰাইফলছ আৰু আৰক্ষীৰ যৌথ অভিযানত বাংলাদেশভিত্তিক নিষিদ্ধ সংগঠন হুজিৰ এজন সন্দেহযুক্ত সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে।

২ / ৫

শিলচৰ, ২৯ নৱেম্বৰ: বাংলাদেশভিত্তিক নিষিদ্ধ উগ্ৰপন্থী সংগঠন হৰকত-উল-জিহাদ-আল-ইছলামী (হুজি)-ৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত কাছাৰ জিলাৰ পৰা এজন ৫৫ বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে।

৩ / ৫

ধৃত লোকজনৰ নাম ছাজিদ ওৰফে ছৈয়দ মিয়া বুলি চিনাক্ত কৰা হৈছে।

৪ / ৫

সূত্ৰৰ মতে, ধৃত লোকজনে প্ৰথমে নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰিছিল যদিও জেৰাৰ সময়ত তেওঁ বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰ কৰে।

৫ / ৫

তদন্তকাৰী সংস্থাসমূহৰ সন্দেহ মতে, ছাজিদ বিগত পাঁচৰ পৰা ছয় বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত হুজিৰ হৈ সক্ৰিয় হৈ আছিল।

কাছাৰত নিষিদ্ধ সংগঠন হুজিৰ সন্দেহযুক্ত সদস্য গ্ৰেপ্তাৰ: জাল নথি-পত্ৰ জব্দ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক