শিলচৰ, ২৯ নৱেম্বৰ: বাংলাদেশভিত্তিক নিষিদ্ধ উগ্ৰপন্থী সংগঠন হৰকত-উল-জিহাদ-আল-ইছলামী (হুজি)-ৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত কাছাৰ জিলাৰ পৰা এজন ৫৫ বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। কাছাৰ আৰক্ষী আৰু অসম ৰাইফলছে এক যৌথ অভিযান চলাই অসম-মণিপুৰ সীমান্তৱৰ্তী জিৰিঘাট অঞ্চলৰ পৰা লোকজনক আটক কৰে।

ধৃত লোকজনৰ নাম ছাজিদ ওৰফে ছৈয়দ মিয়া বুলি চিনাক্ত কৰা হৈছে। তেওঁ বাংলাদেশৰ নাৰায়ণগঞ্জৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অভিযানকালত তেওঁৰ পৰা পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ ঠিকনা সম্বলিত এখন ভুৱা আধাৰ কাৰ্ড আৰু মেঘালয়ৰ ঠিকনা থকা এখন পেন কাৰ্ড উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰি আন কেইবাখনো নথি-পত্ৰৰ লগতে ভাৰতীয় আৰু বাংলাদেশী মুদ্ৰাও জব্দ কৰে বাহিনীয়ে।

সূত্ৰৰ মতে, ধৃত লোকজনে প্ৰথমে নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰিছিল যদিও জেৰাৰ সময়ত তেওঁ বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰ কৰে।

তদন্তকাৰী সংস্থাসমূহৰ সন্দেহ মতে, ছাজিদ বিগত পাঁচৰ পৰা ছয় বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত হুজিৰ হৈ সক্ৰিয় হৈ আছিল। নামনি অসম আৰু বিটিআৰৰ একাংশ যুৱকক সংগঠনটোত ভৰ্তি কৰাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে। লগতে মণিপুৰ আৰু অসমৰ চিৰাং জিলাৰ একাংশ যুৱকক অস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী বিষয়াসকলে।

শিলচৰৰ কেইবাখনো মছজিদ আৰু মাদ্ৰাছাৰ সৈতে তেওঁৰ সম্পৰ্কৰ দিশটোও অনুসন্ধান কৰা হৈছে। জানিব পৰা মতে, তেওঁ বদৰপুৰস্থিত আল-জামিয়াতুল আৰাবিয়াতুল ইছলামিয়া ছাত্ৰাৱাসতো কিছু সময় কটাইছিল। শিলচৰৰ বিভিন্ন মছজিদলৈ তেওঁৰ যাতায়াত আৰু স্থানীয় লোকৰ সৈতে যোগাযোগৰ বিষয়েও তথ্য সংগ্ৰহ কৰা হৈছে।

ইয়াৰ উপৰি ২০২৪ চনৰ ১৯ মে'ত পশ্চিম বংগৰ মালদা জিলাত সংঘটিত এটা বিস্ফোৰণৰ সৈতেও ছাজিদৰ সম্পৰ্ক আছিল নেকি, সেই দিশটো পৰীক্ষা কৰি থকা হৈছে। অৱশ্যে এই ঘটনাত তেওঁৰ ভূমিকা এতিয়াও নিশ্চিত হোৱা নাই।

সূত্ৰই জনোৱা মতে, পৰৱৰ্তী জেৰাৰ বাবে বিশেষ টাস্ক ফৰ্চ (এছটিএফ)-ৰ এটা দলে শিলচৰলৈ আহি অভিযুক্তজনক নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে। বৰ্তমান আৰক্ষীয়ে জব্দ কৰা নথি-পত্ৰসমূহ পৰীক্ষা কৰাৰ লগতে অঞ্চলটোত তেওঁৰ নেটৱৰ্কৰ বিষয়ে তদন্ত অব্যাহত ৰাখিছে।