শ্ৰীভূমিত বিহু দলৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদত লুৰীণজ্যোতি গগৈৰ ক্ষোভ প্ৰকাশ।
শ্ৰীভূমি, ২৮ অক্টোবৰঃ শ্ৰীভূমিত বিহু দলৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।
এই ঘটনাৰ প্ৰতিবাদত শ্ৰীভূমি জিলা সদৰত চুতীয়া সমাজৰ লগতে অসম জাতীয় পৰিষদৰ নেতৃবৰ্গ আৰু কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে বিহু কেৱল এটা উৎসৱ নহয়, ই অসমীয়াৰ পৰিচয়, কৃষ্টি আৰু জাতীয় স্বাভিমানৰ প্ৰতীক।
তেওঁ লগতে কয় যে অপৰাধীৰ কোনো জাতি বা ধৰ্ম নাই।
newznow.in