শ্ৰীভূমি, ২৮ অক্টোবৰঃ শ্ৰীভূমিত বিহু দলৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ঘটনাস্থলীত উপস্থিত হৈ আক্ৰমণত ফালি-ছিৰি নষ্ট কৰা বিহুৰ সাজ হাতত তুলি লৈ প্ৰতিবাদ সাব্যস্ত কৰে নেতাগৰাকীয়ে। অসমীয়াৰ জাতীয় পৰিচয়, সাংস্কৃতিক স্বাভিমান আৰু বাপতি-সাহোন বিহুৰ ওপৰত এনে আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে তেওঁ।

এই ঘটনাৰ প্ৰতিবাদত শ্ৰীভূমি জিলা সদৰত চুতীয়া সমাজৰ লগতে অসম জাতীয় পৰিষদৰ নেতৃবৰ্গ আৰু কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ জনায় বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলে। প্ৰতিবাদকাৰীসকলে হাতত প্লে’কাৰ্ড লৈ ঘটনাৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰৰ দাবী জনায়।

‘বিহু অসমীয়াৰ স্বাভিমান, আক্ৰমণ মানি লোৱা নহ’ব’

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে বিহু কেৱল এটা উৎসৱ নহয়, ই অসমীয়াৰ পৰিচয়, কৃষ্টি আৰু জাতীয় স্বাভিমানৰ প্ৰতীক। বিহুৰ সাজ-পোছাকৰ ওপৰত আক্ৰমণৰ ঘটনাই অসমীয়া সংস্কৃতিৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰিছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে অপৰাধীৰ কোনো জাতি বা ধৰ্ম নাই। কিন্তু অসমীয়া সংস্কৃতিৰ ওপৰত আক্ৰমণ সংঘটিত কৰা লোকসকলক কোনো কাৰণতে সাৰি যাবলৈ দিব নালাগে। ঘটনাটোৰ সৈতে জড়িতসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ তেওঁ প্ৰশাসনৰ ওচৰত দাবী জনায়।

বৰাকত বিভেদ সৃষ্টিৰ চেষ্টাৰ অভিযোগ

লুৰীণজ্যোতি গগৈয়ে বৰাক উপত্যকাৰ অসমীয়া আৰু বঙালী লোকসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ চেষ্টা চলি থকা বুলিও অভিযোগ কৰে। এনে প্ৰচেষ্টাৰ আঁৰত থকা লোকসকলক চিনাক্ত কৰাৰ দায়িত্ব প্ৰশাসনৰ বুলি মন্তব্য কৰে তেওঁ।

বিহু দলৰ ওপৰত আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি কোনো ধৰণৰ সাম্প্ৰদায়িক বা ভাষিক বিভেদ যাতে সৃষ্টি নহয়, তাৰ বাবে প্ৰশাসনে সতৰ্কতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাও প্ৰতিবাদী কাৰ্যসূচীত উত্থাপন কৰা হয়।

দোষীক গ্ৰেপ্তাৰৰ দাবী

প্ৰতিবাদকাৰীসকলে বিহু দলৰ ওপৰত আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত সকলো লোকক চিনাক্ত কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। অসমীয়াৰ সাংস্কৃতিক পৰিচয় আৰু বিহুৰ মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও তেওঁলোকে দাবী কৰে।

ঘটনাটোক লৈ শ্ৰীভূমিত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আক্ৰমণৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।