ধুবুৰী জিলা কাৰাগাৰৰ ৩০ বছৰীয়া বন্দীৰ মৃত্যু।
ধুবুৰী, ৫ নৱেম্বৰঃ ধুবুৰী জিলা কাৰাগাৰত বন্দী হৈ থকা ৩০ বছৰীয়া মহলম ইছলামৰ বৃহস্পতিবাৰে মাজনিশাৰ পিছতে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মৃত্যু হয়।
মৃত মহলম ইছলাম দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কাজিপাৰা (পূবেৰগাঁও) গাঁৱৰ নুৰ ইছলামৰ পুত্ৰ।
ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষকৰ তথ্য অনুসৰি, ২০২৬ চনৰ ৩ ছেপ্টেম্বৰৰ পৰা তেওঁ কাৰাগাৰত আছিল।
কাৰাগাৰ কৰ্তৃপক্ষৰ মতে, মহলম ইছলামৰ হঠাৎ গুৰুতৰ স্বাস্থ্যজনিত জটিলতা দেখা দিয়ে।
newznow.in