ধুবুৰী, ৫ নৱেম্বৰঃ ধুবুৰী জিলা কাৰাগাৰত বন্দী হৈ থকা ৩০ বছৰীয়া মহলম ইছলামৰ বৃহস্পতিবাৰে মাজনিশাৰ পিছতে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মৃত্যু হয়। কাৰাগাৰত হঠাৎ অসুস্থ হৈ পৰাৰ পিছত তেওঁক জৰুৰী চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়া হৈছিল।
মৃত মহলম ইছলাম দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কাজিপাৰা (পূবেৰগাঁও) গাঁৱৰ নুৰ ইছলামৰ পুত্ৰ। নিষিদ্ধ নিচাযুক্ত দ্ৰব্যৰ অবৈধ সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত তেওঁক আটক কৰি ৰখা হৈছিল।
ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষকৰ তথ্য অনুসৰি, ২০২৬ চনৰ ৩ ছেপ্টেম্বৰৰ পৰা তেওঁ কাৰাগাৰত আছিল। ইয়াৰ পূৰ্বে ৩১ আগষ্টত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে তেওঁৰ আটকাদেশ জাৰি কৰিছিল।
কাৰাগাৰ কৰ্তৃপক্ষৰ মতে, মহলম ইছলামৰ হঠাৎ গুৰুতৰ স্বাস্থ্যজনিত জটিলতা দেখা দিয়ে। তেওঁৰ উশাহ-নিশাহ লোৱাত যথেষ্ট অসুবিধা হোৱাৰ লগতে পেট ফুলি উঠিছিল। কাৰাগাৰৰ চিকিৎসা বিষয়াই পৰীক্ষা কৰাৰ পিছত তেওঁক ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ নিয়া হয়।
চিকিৎসকৰ প্ৰচেষ্টা সত্ত্বেও নিশা ১২ বাজি ২৭ মিনিটত তেওঁৰ মৃত্যু হয়। কাৰাবন্দী অৱস্থাত মৃত্যু হোৱা ঘটনাৰ নিৰ্ধাৰিত নিয়ম অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো চিকিৎসালয়ৰ মৰ্গত ৰখা হয়। পিছত বৃহস্পতিবাৰে আইনী আৰু প্ৰশাসনিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি মৃতদেহটো পৰিয়ালৰ লোকক গতাই দিয়া হয়।