শিলিগুৰিত সংবাদমেল পাতি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ সৰ্বানন্দ সোণোৱাল।
শিলিগুৰি, ৫ নৱেম্বৰঃ অসমত বিদেশী অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াৰ উদ্দেশ্যে কংগ্ৰেছে নিজৰ শাসনকালত ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
সোণোৱালে কয় যে অসমত বিদেশী অনুপ্ৰৱেশকাৰীৰ উপস্থিতি আৰু তেওঁলোকৰ চিনাক্তকৰণৰ দাবী দীৰ্ঘদিনীয়া সমস্যা হৈ আহিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই আইন আৰু বিদেশী অনুপ্ৰৱেশৰ সমস্যাক কেন্দ্ৰ কৰি অসমত ছয় বছৰীয়া আন্দোলন গঢ় লৈ উঠিছিল।
তেওঁৰ অভিযোগ, জনসাধাৰণৰ এই দাবী পূৰণৰ বাবে কংগ্ৰেছে কেতিয়াও আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰা নাছিল।
newznow.in