শিলিগুৰি, ৫ নৱেম্বৰঃ অসমত বিদেশী অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াৰ উদ্দেশ্যে কংগ্ৰেছে নিজৰ শাসনকালত ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৃহস্পতিবাৰে শিলিগুৰিত এখন সংবাদমেল সম্বোধন কৰি সোণোৱালে ১৯৮৩ চনত প্ৰণয়ন কৰা অবৈধ প্ৰব্ৰজনকাৰী (ন্যায়াধিকৰণৰ দ্বাৰা নিৰ্ধাৰণ) আইন, চমুকৈ আইএমডিটি আইনক কংগ্ৰেছৰ অসম নীতিৰ অন্যতম উদাহৰণ হিচাপে দাঙি ধৰে।

সোণোৱালে কয় যে অসমত বিদেশী অনুপ্ৰৱেশকাৰীৰ উপস্থিতি আৰু তেওঁলোকৰ চিনাক্তকৰণৰ দাবী দীৰ্ঘদিনীয়া সমস্যা হৈ আহিছে। তেওঁৰ অভিযোগ, বিদেশী নাগৰিকক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ পৰিৱৰ্তে কংগ্ৰেছ চৰকাৰে তেওঁলোকক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। ১৯৮৩ চনৰ আইএমডিটি আইন প্ৰণয়ন কৰি কংগ্ৰেছে ভাৰতীয় নাগৰিকৰ স্বাৰ্থৰ বিৰুদ্ধে এক গুৰুতৰ পদক্ষেপ গ্ৰহণ কৰিছিল বুলিও তেওঁ মন্তব্য কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই আইন আৰু বিদেশী অনুপ্ৰৱেশৰ সমস্যাক কেন্দ্ৰ কৰি অসমত ছয় বছৰীয়া আন্দোলন গঢ় লৈ উঠিছিল। আন্দোলনৰ মূল দাবী আছিল—অসমত থকা বিদেশী নাগৰিকক চিনাক্ত কৰা, ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা আৰু আইন অনুসৰি দেশৰ পৰা বহিষ্কাৰ কৰা। অসমৰ জনসাধাৰণৰ লগতে ভাৰতীয় সমাজে এই দাবী উত্থাপন কৰিছিল বুলি সোণোৱালে উল্লেখ কৰে।

তেওঁৰ অভিযোগ, জনসাধাৰণৰ এই দাবী পূৰণৰ বাবে কংগ্ৰেছে কেতিয়াও আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰা নাছিল। অৱশেষত উচ্চতম ন্যায়ালয়ে আইএমডিটি আইনখন অসাংবিধানিক ঘোষণা কৰি বাতিল কৰাৰ কথাও তেওঁ সংবাদমেলত উল্লেখ কৰে। সোণোৱালে এই সিদ্ধান্তক কংগ্ৰেছৰ নীতিৰ বিফলতাৰ প্ৰমাণ হিচাপে দাঙি ধৰে।

ইয়াৰ পিছতে কংগ্ৰেছৰ শাসনকালত দেশৰ নিৰাপত্তা আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি চৰকাৰৰ সঁহাৰিৰ প্ৰসংগ উত্থাপন কৰে সোণোৱালে। তেওঁৰ অভিযোগ, কংগ্ৰেছ চৰকাৰৰ দিনত ভাৰতৰ ওপৰত বিভিন্ন আক্ৰমণ সংঘটিত হোৱাৰ সময়ত চৰকাৰে যথোচিত প্ৰত্যুত্তৰ দিব পৰা নাছিল। ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে বুলি তেওঁ দাবী কৰে।

সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১২ বছৰত দেশত উন্নয়ন আৰু পৰিৱৰ্তনৰ এক ইতিবাচক পৰিৱেশ গঢ় লৈ উঠিছে। তেওঁৰ মতে, এই সময়ছোৱাত ভাৰতৰ আত্মবিশ্বাস আৰু ৰাষ্ট্ৰীয় স্বাভিমান অধিক শক্তিশালী হৈছে। মোদীৰ নেতৃত্বতহে দেশৰ নিৰাপত্তা সুনিশ্চিত হোৱাৰ লগতে উন্নয়নৰ যাত্ৰা আগবাঢ়িব বুলি প্ৰতিগৰাকী ভাৰতীয়ই অনুভৱ কৰিবলৈ লৈছে বুলিও তেওঁ মন্তব্য কৰে।

সংবাদমেলত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তেওঁৰ সহযোগীসকলকো আক্ৰমণৰ লক্ষ্য কৰি লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সোণোৱালৰ অভিযোগ, দেশত উন্নয়ন আৰু পৰিৱৰ্তনৰ ইতিবাচক পৰিৱেশ গঢ় লৈ উঠাৰ সময়তে ৰাহুল গান্ধী আৰু তেওঁৰ সহযোগীসকলে জনসাধাৰণৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি এই পৰিৱেশ বিঘ্নিত কৰাৰ চেষ্টা কৰিছে। এনে নেতিবাচক কাৰ্যক দেশৰ জনসাধাৰণে সমৰ্থন নকৰে বুলিও তেওঁ দাবী কৰে।

কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনৰ প্ৰসংগ উত্থাপন কৰি সোণোৱালে অভিযোগ কৰে যে দলটোৱে দৰিদ্ৰতা দূৰ কৰাৰ ক্ষেত্ৰত সফল হ’ব পৰা নাছিল। দেশত অৰ্থপূৰ্ণ উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিব পৰা কোনো উল্লেখযোগ্য কাৰ্যসূচীও কংগ্ৰেছে ৰূপায়ণ কৰিব পৰা নাছিল বুলি তেওঁ মন্তব্য কৰে। বিভিন্ন ৰাজ্যত কংগ্ৰেছৰ শাসনকালত সংঘটিত হিংসা আৰু গণতন্ত্ৰক দুৰ্বল কৰা ষড়যন্ত্ৰৰ বাবেও দলটোক দায়ী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

তেওঁৰ মতে, এতিয়া জনসাধাৰণে কংগ্ৰেছৰ পূৰ্বৰ শাসনকালৰ কাম-কাজক লৈ প্ৰশ্ন উত্থাপন কৰিলেও দলটোৰ নেতাসকলৰ হাতত উপযুক্ত উত্তৰ নাই। আনহাতে, দেশৰ উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখি ভাৰতক বিশ্বৰ অন্যতম শক্তিশালী আৰু উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য পূৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে সোণোৱালে।