উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ ৰাওনা গৰিমা শইকীয়া গাৰ্গ।
গুৱাহাটী, ৫ নৱেম্বৰঃ উন্নত চিকিৎসা আৰু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণৰ বাবে মুম্বাইলৈ ৰাওনা হৈছে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।
গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা গৰিমাৰ স্বাস্থ্যৰ বিষয়ে ৩ নৱেম্বৰত সংবাদমেলযোগে সবিশেষ জনাইছিল চিকিৎসক ডাঃ হিতেশ বৰুৱাই।
ডাঃ বৰুৱাই জনোৱা অনুসৰি, গৰিমাই নিশা ভালদৰে টোপনি যাব পৰা নাই।
চিকিৎসকৰ পৰামৰ্শ অনুসৰি মুম্বাইৰ এখন বিশেষ চিকিৎসা প্ৰতিষ্ঠানত গৰিমাৰ চিকিৎসা আৰু পৰামৰ্শদানৰ ব্যৱস্থা কৰা হৈছে।
newznow.in